কৰম পূজাত মজুৰি কৰ্তনকলৈ আটছাৰ প্ৰতিবাদ

কৰম পূজাত মজুৰি কৰ্তনকলৈ আটছাৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰঃ কৰম পূজাক লৈ জাৰি কৰা চৰকাৰী নিৰ্দেশনাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা ৷ উল্লেখ যে, দীৰ্ঘদিনীয়া ধৰি আটছাই চাহ জনগোষ্ঠীয় লোকসকলৰ পৱিত্ৰ ধৰ্মীয় উৎসৱ কৰম পূজাত বন্ধৰ দাবী জনাই আহিছিল।

বহু প্ৰতিবাদৰ অন্তত ৰাজ্য চৰকাৰে ২৫ ছেপ্টেম্বৰ দিনটো বন্ধ হিচাপে ঘোষণা কৰে যদিও সেই দিনটোত কৰ্তন কৰা হ'ব শ্ৰমিকসকলৰ দৰমহা। যাৰ বাবে এতিয়া সৰৱ হৈ পৰিছে চাহ বাগিছাৰ শ্ৰমিকসকলৰ লগতে আটছাৰ কৰ্মী।

শুকুৰবাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি চৰাইদেউ মথুৰাপুৰত আটছাই মথুৰাপুৰ চাহ বাগিচাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাতেই প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰেই চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সংগঠনটোৱে৷

কৰম পূজাত মজুৰি কৰ্তনকলৈ আটছাৰ প্ৰতিবাদ
মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in