মায়ঙৰ মুৰকটাত খহনীয়াৰ ভয়ংকৰ ৰূপ, নৈত জাহ গ'ল গাঁওখনৰ দুৰ্গা মন্দিৰ...

ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে নিঃশেষ হ'ল প্ৰাচীন মন্দিৰটো। চকুৰ পলকতে নৈৰ খহনীয়াত উটি গ'ল মন্দিৰৰ সকলো আচবাব

author-image
Asomiya Pratidin
New Update
মায়ঙৰ মুৰকটাত খহনীয়াৰ ভয়ংকৰ ৰূপ, নৈত জাহ গ'ল গাঁওখনৰ দুৰ্গা মন্দিৰ...

mayong Erosion

ডিজিটেল ডেস্ক, মায়ং : মায়ঙৰ মুৰকটাত এতিয়া নৈ খহনীয়াৰ ভয়ংকৰ ৰূপ। বৃহস্পতিবাৰে খহি পৰিল গাঁওখনৰ একমাত্ৰ দুৰ্গা মন্দিৰটো। ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে নিঃশেষ হ'ল প্ৰাচীন মন্দিৰটো। চকুৰ পলকতে নৈৰ খহনীয়াত উটি গ'ল মন্দিৰৰ সকলো আচবাব।

কেইদিনমান আগত এই মন্দিৰটোতে দুৰ্গা পূজা উদযাপন কৰিছিল উলহ-মালহেৰে।ইতিমধ্য গাঁওখনৰ দেৰ শতাধিক পৰিয়াল গৃহহাৰা হৈছে। ঘৰ ভাঙি কাষৰ মুকলি পথাৰত আশ্ৰয় লৈ আছে যদিও এক হাহাকাৰ পৰিৱেশে এতিয়াও বিৰাজ কৰিছে গাওঁখনত।

কাৰণ এফালে খহনীয়া আৰু আনফালে ব্ৰহ্মপুত্ৰৰ বান। দুখে কুলাই পাচিয়ে নধৰা অৱস্থা হৈ পৰিছে গাঁওখনৰ পাঁচ শতাধিক লোকৰ। স্কুল ঘৰটো অতি কম সময়ৰ ভিতৰত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

পানী যোগান আঁচনি খনৰ এটা অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে মায়ঙৰ মুৰকটাত । ক'ত যাব কি কৰিব চিন্তাত বিভোৰ হৈ পৰিছে ৰাইজ। জলসম্পদ বিভাগৰ পৰা জিঅ বেগ আৰু পাৰকুপাইনৰ ব্যৱস্থা কৰিছে যদিও কোনো কামত অহা নাই । বগা হাতীত পৰিণত হৈছে এই আঁচনি।

assam mayong erosion