ঝাৰগাঁৱস্থ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ১৫দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি...

ঝাৰগাঁৱস্থ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ১৫দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ, মায়ংঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট আৰু অসম চৰকাৰৰ সমবায় সমিতিৰ যুটীয়া উদ্যোগত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত পোন্ধৰ দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰনি পৰে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিজু স্মিতা শৰ্মা ডেকাই জনোৱা মতে আজিৰ সামৰনি অনুষ্ঠানত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰাৰ উপৰিও প্ৰশিক্ষণ লোৱা ব্যক্তি সকলক উদ্দেশি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব ৰিতুৰাজ বৰা আৰু মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।হোজাই, নগাঁও আৰু মৰিগাঁও জিলাৰ ২৩ খন সমবায় সমিতিৰ ২৩ গৰাকী লোকে এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ লয়।

প্ৰশিক্ষাৰ্থী সকলক সংশ্লিষ্ট জিলা তিনি খনৰ সমবায় সমিতিৰ সহকাৰী সঞ্চালকে বাছনি কৰি দিয়াৰ পিছতেই ভালে কেইগৰাকী সমল ব্যক্তিৰ দ্বাৰা ঝাৰগাঁৱত অৱস্হিত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ দি কৃষিজাত সামগ্ৰীৰ ডিলাৰ শ্বিপৰ অনুজ্ঞাপত্ৰ পোৱাৰ উপযোগি কৰি তোলে। বিয়লিৰ ভাগত অনুষ্ঠিত দ্বিতীয়খন সভাত আজি অংশগ্ৰহণ কৰে যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালক ড০ মনোৰঞ্জন নেওঁগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in