ডিজিটেল সংবাদ,বেকাজানঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থা (আটাছু) তিতাবৰ নগৰ সমিতিৰ উদোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে বৰ এৰা গাঁৱত ত্ৰয়োদশ বাৰ্ষিক মে-ডাম-মেফি উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে মৈদাম তৰ্পণৰে কাৰ্যসুচী আৰম্ভ কৰা হয় ।
ইয়াৰ পাছতে বানফিৰ পূজাৰ জড়িয়তে পুলিন পুথাওক সুঁৱৰি টাই আহোম জনগোষ্ঠীয় লোকসকলে আশীৰ্বাদ বিচাৰে । মলুঙসকলে টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পৰম্পৰাৰে প্ৰাৰ্থনা কৰি পুৰ্ব্বপুৰুষসকলৰ পৰা আশীৰ্বাদ বিচাৰি বানফি পূজা কৰে । ইয়াৰ পাছতে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে।