ডিজিটেল সংবাদ, মানকাচাৰঃ মিজিলছ, যাক অসমীয়াত শব্দ 'সৰু আই' বেমাৰ বুলি কোৱা । শিশুৰ শৰীৰত অতি সহজে প্ৰভাব পেলায় এই ভাইৰাচে । মিজিলছৰ ফলত আক্ৰান্ত হয় শিশু । উপযুক্ত সময়ত চিকিৎসা নকৰিলেও মৃত্যুও হব পাৰে শিশুৰ ।
মানকাচৰত মিজিলছৰ ফলত মৃত্যু হৈছে এটি ছমীয়া শিশুৰ । সুখচৰ থানা এলেকাৰ বেপাৰিপাৰা গাঁৱৰ মুছকান নামৰ ছমীয়া শিশুটি সৰু আইত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । মুছকানৰ মৃত্যুৰ পাচতে জিলাখনত তৎপৰ হৈছে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ । এই তথ্য সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগৰ টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে ।
এতিয়ালৈকে মানকাচৰৰ তিনিখন গাওঁত এই ৰোগৰ লক্ষণে দেখা দিছে। গাওঁকেইখন হৈছে, জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰা, মানকাচৰ থানা এলেকাৰ অধীনস্থ বামুনপাৰা আৰু বাঘাপাৰা । গাওঁ তিনিখনত এতিয়ালৈ ২৬ টাকৈ শিশুৰ শৰীৰত এই ৰোগৰ লক্ষণ দেখা দিছে।
ইয়াৰে বেপাৰীপাৰা গাওঁৰ এটি ৬ মহীয়া কেচুৱা যোৱা ২৩ মাৰ্চত মৃত্যু মুখত পৰিছে । স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি মিজিলছত আক্ৰান্ত হোৱা ২৪ টা শিশু উপযুক্ত চিকিৎসা প্ৰদান কৰাত বৰ্তমানে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানেও এটা শিশু এই বেমাৰত আক্ৰান্ত হৈ আছে । আক্ৰান্ত হৈ থকা শিশুটিক জিলা স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে ।
লক্ষণীয় যে, সৰু আই বেমাৰ কোনো এখন গাওঁত ৫ টাতকৈ অধিক শিশু আক্ৰান্ত হলে সেই গাওঁ খনত বসবাস কৰা আন শিশুলৈ এই বেমাৰ দ্ৰুত সংক্ৰমণ হব পাৰে । একেদৰে এই বেমাৰত আক্ৰান্ত হৈ কোনোবা শিশুৰ মৃত্যু হলে সেই গাওঁখনতো শিশু সকল সুৰক্ষিত নহয় ।
মানকাচৰত মিজিলছ বেমাৰৰ লক্ষণ দেখা দিয়াৰ পাচত জিলা প্ৰশাসন তৎপৰ হৈ বেমাৰ নিৰাময়ৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশনা প্ৰদান কৰে । ফলত জিলা স্বাস্থ্য বিভাগে বেমাৰ চিনাক্ত হোৱা গাওঁ তিনিখনৰ প্ৰতিটো ঘৰে ঘৰে গৈ একেৰাহে দুদিনলৈ ভিটামিন এ প্ৰদান কৰাৰ লগতে টীকাকৰণ প্ৰদানৰ বিষয়ে বুজ লোৱা আৰম্ভ কৰিছে ।
Also Read: মুখ্যমন্ত্ৰীৰ চাংচাৰী এইমছ পৰিদৰ্শন...