মাজুলীৰ পৰা অনা ৭ টা শগুনক চিকিৎসা প্ৰদান কাজিৰঙাত

বুধবাৰে পুৱা কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক চামচুল আলিৰ নেতৃত্বত যোৱা এটা
মাজুলীৰ পৰা অনা ৭ টা শগুনক চিকিৎসা প্ৰদান কাজিৰঙাত
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : মাজুলীৰ বোকাবিল পথাৰত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা শগুনক চিকিৎসাৰ বাবে অনা হৈছে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰলৈ। মঙ্গলবাৰে বোকা বিল পথাৰত এটা মৃত গৰু পোৱালি ভক্ষণ কৰি কেইবাটাও শগুন মৃত্যুমুখত পৰাৰ লগতে অসুস্থ হৈ পৰিছিল ৭ টাকৈ শগুন।

জানিব পৰা মতে বুধবাৰে পুৱা কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক চামচুল আলিৰ নেতৃত্বত যোৱা এটা চিকিৎসকৰ দলে ৭ টা শগুন উদ্ধাৰ কৰি আনে কাজিৰঙাৰ CWRC কেন্দ্ৰলৈ। কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰা হৈছে শগুন কেইটাক।

চিকিৎসক চামচুল আলিয়ে জনোৱা মতে এটা শগুণ বৰ্তমান ক'মা থকাৰ বিপৰীতে অনা ৬ টা শগুণে বিহ ঢলা শ ভক্ষণ কৰাৰ বাবে দুৰ্বল হৈ পৰিছে। শগুন কেইটাক সুস্থ কৰি তুলিবলৈ প্ৰায় ১০দিন সময় লাগিব বুলি জনাই চিকিৎসক গৰাকীয়ে।চিকিৎসাধীন শগুন কেইটা সুস্থ হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰিছে চিকিৎসকগৰাকীয়ে ৷

মাজুলীৰ পৰা অনা ৭ টা শগুনক চিকিৎসা প্ৰদান কাজিৰঙাত
প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মানৰ কাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in