অসমৰ মিনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২, দেশৰ ৪৬ গৰাকীলৈ এই বঁটা…

অসমৰ মিনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২, দেশৰ ৪৬ গৰাকীলৈ এই বঁটা…

author-image
asomiyapratidin
New Update
অসমৰ মিনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২, দেশৰ ৪৬ গৰাকীলৈ এই বঁটা…

ডিজিটেল ডেস্ক: ঘোষণা কৰা হয় ২০২২ বৰ্ষৰ ৰাষ্ট্রীয় শিক্ষক বঁটা । দেশৰ মুঠ ৪৬ গৰাকী শিক্ষকক দিয়া হৈছে এই বঁটা । অসমৰো এগৰাকী শিক্ষয়িত্ৰীয়ে লাভ কৰে এই বঁটা।

চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ (শোণিতপুৰ জিলাৰ বিহাগুৰিত অৱস্থিত) মীনাক্ষী গোস্বামী ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অসমৰ পৰা কেৱল মাত্ৰ গোস্বামীয়ে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব। এই বঁটাত থাকিব প্ৰমাণপত্ৰ, ৫০,০০০ টকাৰ নগদ বঁটা আৰু এটা ৰূপৰ পদক।

শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে দেশৰ শ্ৰেষ্ঠ শিক্ষক সকলক এই বঁটা প্ৰদান কৰে। শিক্ষক সকলৰ অনন্য অৱদানৰ লগতে শিক্ষাৰ মানদণ্ড উন্নত কৰাই নহয়, শিক্ষাৰ্থী সকলৰো জীৱন সমৃদ্ধ কৰাত যি অৰিহনা যোগায় , সেই ক্ষেত্ৰত সন্মান প্ৰদৰ্শনৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

আৰু পঢ়ক: এইবাৰ ঝাৰখণ্ডত ৰাজনৈতিক সংকট! হ'ব পাৰে চৰকাৰ ভংগ, হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীয়ে পদ…

assam national awards of teacher