মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লাগিছে,তেওঁৰ পৰিবাৰে সম্পত্তি গ্ৰাস কৰি তেওঁৰ ধ্বংস মাতিছেঃ মীৰা বৰঠাকুৰ

মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লাগিছে,তেওঁৰ পৰিবাৰে সম্পত্তি গ্ৰাস কৰি তেওঁৰ ধ্বংস মাতিছেঃ মীৰা বৰঠাকুৰ
Published on
Updated on

ডিজিটেল সংবাদ,বিহালীঃ "ৰাজ্যৰ ৰাজনীতিত AIUDF প্ৰধান বদৰউদ্দিন আজমলৰ কোনো স্থিতি নাই৷মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে আজমলৰ বেপাৰ বাণিজ্য আছে আৰু তেওঁলোকে বহি সেই সমূহৰ হিচাব নিকাচ চলাই আছে"- বিহালীত এই মন্তব্য অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ৷

বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাংত অনুষ্ঠিত জিলা মহিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহত অংশগ্ৰহণ কৰি বিহালী উপ নিৰ্বাচনৰ বাবে মহিলা কংগ্ৰেছ কৰ্মী সকলক দিহা পৰামৰ্শ আগবঢ়াই নেত্ৰী মীৰা বৰঠাকুৰে ৷

সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে মাছৰ বেলেগ চিণ্ডিকেটৰ লগত কথা পাতিছে বাবে উজনিৰ মানুহক নগাঁৱৰ মাছ খাবলৈ হাক দিছে।লগত চিণ্ডিকেটৰ চৰ্দাৰ কেইজন আছে সেইবাবেই নগাঁৱৰ মাছ নাখাবলৈ পৰামৰ্শ দিছে৷ বাহিৰৰ মাছ আহিব কিন্তু ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰিব লাগে। ফৰ্মেলিন যুক্ত মাছৰ কথা কৈ তেওঁলোকে চিণ্ডিকেটৰ ৰেট কিমান বঢ়ালে সেইটোহে চিন্তাৰ বিষয় বুলি মীৰা বৰঠাকুৰে মন্তব্য কৰে ৷

লগতে কয় যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোক লাগিছে, মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লাগিছে ৷ মুখ্যমন্ত্ৰীয়ে পৰিবাৰক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰে ৷ মুখ্যমন্ত্ৰীৰ পৰিবাৰে ধন সম্পতি গ্ৰাস কৰি হিমন্ত বিশ্বৰ ধ্বংস মাতিছে বুলি কয়৷ তদুপৰি মীৰা বৰঠাকুৰে কংগ্ৰেছ শাসনত আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ হিচাপ কৰিব বুলিও কটাক্ষ কৰে৷

মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লাগিছে,তেওঁৰ পৰিবাৰে সম্পত্তি গ্ৰাস কৰি তেওঁৰ ধ্বংস মাতিছেঃ মীৰা বৰঠাকুৰ
লামডিং ৰে'লৱে জংচনত চলন্ত ৰে'লৰ পৰা নিচাযুক্ত সামগ্ৰীসহ চাৰিজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in