বৰপেটাত জিলা জ্যেষ্ঠ নাগৰিকৰ সভা

বৰপেটাত জিলা জ্যেষ্ঠ নাগৰিকৰ সভা
Published on
Updated on

ডিজিটেল সংবাদ,বৰপেটা : "অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতি গৰাকী সদস্যই সন্মিলনৰ সংবিধানৰ প্ৰতিটো ধাৰা নিষ্ঠাৰে পালন কৰাটো আমাৰ কৰ্তব্য। এখন ন্যায় সংগত সমাজ প্ৰতিষ্ঠাৰ হকে শান্তিপূৰ্ণ সম্বন্ধক উৎসাহিত কৰাৰ বাবে ৰছিত সংবিধানখন আমি আখৰে আখৰে পালন কৰিলে জ্যেষ্ঠ নাগৰিকৰ যুক্তিসন্মত অধিকাৰ আৰু সুবিধাসমূহ আগবঢ়াই নি‌য়াত সহায় হয়।"

দেওবাৰে বৰপেটা জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শাখাসমূহৰ সভাপতি আৰু সম্পাদকসকলৰ লগতে জিলা কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া, সদস্যৰ উপস্থিতিত বিশিষ্ট আলোচক হিচাপে যোগদান কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ, জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে এনেদৰে কয়।

জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডিম্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰ্মনে প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকক সেৱা আৰু ত্যাগৰ আদৰ্শৰে জনসমাজৰ উন্নয়নত আত্মনিয়োগ কৰাৰ আহ্বান জনায়। জ্যেষ্ঠ নাগৰিক হেমন্ত কুমাৰ শৰ্মাই মংগলাচৰণেৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক কাৰ্তিক তালুকদাৰে।

সভাত নলবাৰী জিলাৰ জাপাৰকুছি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনন্দ হাজৰিকাই জ্যেষ্ঠ নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাত জিলাখনৰ সৰভোগ, হাউলি,চেঁঙা, বৰপেটা নগৰকে ধৰি বিভিন্ন প্ৰান্তৰ শাখাৰ প্ৰতিনিধিয়ে সোধা বিভিন্ন প্ৰশ্নৰ মতামত উত্তৰ দি‌য়ে বৰপেটা আৰু নলবাৰী জিলাৰ তদাৰকী সম্পাদকৰ দায়িত্বত থকা জ্যেষ্ঠ নাগৰিক ৰমনী বৰ্মনে।

সভাত বক্তব্য প্ৰদান কৰে বিশিষ্ট সদস্য ডিম্বেশ্বৰ পাঠক,ডা০ সনাতন দাস,ডা০ হৰেন চৌধুৰী,আলোক চৌধুৰী, ধনীৰাম দাস,সত্যৰঞ্জন দাস আৰু খনীন্দ্ৰ কুমাৰ বায়নে। সভাপতিৰ ভাষণত জ্যেষ্ঠ নাগৰিক ডিশ্বেশ্বৰ দাসে বৰ্তমান সমাজত মাদক দ্ৰব্যৰ নিবাৰণৰ প্ৰসংগত বিহাৰকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত মদ বন্ধ কৰাৰ দৰে অসম চৰকাৰকো সুৰা বন্ধ কৰাৰ আহ্বান জনায়।

বৰপেটাত জিলা জ্যেষ্ঠ নাগৰিকৰ সভা
অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথৰ জন্মদিন উপলক্ষে ৱেব সন্মিলন সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in