অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰে বুজাবুজি চুক্তি...

ৰাজ্যৰ কৃষিখণ্ডলৈ আশাৰ বতৰা আনিছে অসম কৃষি বিশ্ববিদ্যালয়ে। অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগত ধান উৎপাদনক লৈ বিশেষ পদক্ষেপ গ্ৰহন
অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি  পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰে বুজাবুজি চুক্তি...
Published on
Updated on

ডিজিটেল ডেস্ক : ৰাজ্যৰ কৃষিখণ্ডলৈ আশাৰ বতৰা আনিছে অসম কৃষি বিশ্ববিদ্যালয়ে। অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগত ধান উৎপাদনক লৈ বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ।

২২মে'ৰ দিনা খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি। অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰে হয় এই বুজাবুজি চুক্তি।

জানিবলৈ দিয়া মতে উন্নতমানৰ ধানৰ বীজ আৰু ইয়াৰ সচ কৃষকক বিতৰণ কৰি ধানৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে এই চুক্তি স্বাক্ষৰ কৰা হয়। উন্নতমানৰ ধানৰ বীজ আৰু সা-সঁজুলি যোগান ধৰিব অসম কৃষি বিশ্ববিদ্যালয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে থলুৱা উদ্যোগীৰ যোগেদি কৃষকক উৎসাহ যোগাবলৈ লোৱা হৈছে এই বিশেষ পদক্ষেপ।

এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ নয়ন কুমাৰ বৰা তথা প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক সঞ্জয় কুমাৰ চেতিয়া তথা আন বিষয়ববীয়াসকল উপস্থিত থাকে।

অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি  পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰে বুজাবুজি চুক্তি...
নিয়তিৰ ওচৰত হাৰ মানিলে নমিতাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in