“মানুহৰ জীৱনটো মাটিৰ পুতলাৰ দৰে, ই কোন মুহুৰ্তত ভাঙি পৰে তাৰ ঠিকনা নাই”

: আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,অসমীয়া শিখ সমাজৰ শিৰোমণি,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰীতম সিংৰ প্ৰথম মৃত্যু বাৰ্ষিকী তথা স্মৃতি চৰণ সভাখনি সোমবাৰে বৰক’লা কেন্দ্ৰীয় গুৰুদ্বাৰত অনুষ্ঠিত হয় ৷
“মানুহৰ জীৱনটো মাটিৰ পুতলাৰ দৰে, ই কোন মুহুৰ্তত ভাঙি পৰে তাৰ ঠিকনা নাই”
Published on
Updated on

ডিজিটেল সংবাদ ,বেবেজীয়া: আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,অসমীয়া শিখ সমাজৰ শিৰোমণি,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰীতম সিংৰ প্ৰথম মৃত্যু বাৰ্ষিকী তথা স্মৃতি চৰণ সভাখনি সোমবাৰে বৰক’লা কেন্দ্ৰীয় গুৰুদ্বাৰত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি পুৱা বৰক’লা কেন্দ্ৰীয় গুৰুদ্ধাৰত পুৱাৰ আৰম্ভণি কীৰ্তন কৰে জেঠাদাৰ অমৰ সিঙে ৷ চবত কীৰ্তন কৰে জ্ঞানী জীৱন সিঙে,জ্ঞানী চৰণ সিঙ,জ্ঞানী জচবিৰ সিঙ,জ্ঞানী কৃষণ সিঙ,বিবি নৰিন্দ্ৰ পাল কৌৰ,হৰজিৎ কৌৰকে ধৰি বহু কেইজন শিল্পীয়ে কীৰ্তন-ভজন পাঠ কৰে ৷

বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী চেতনা দাসক গায়ন-বায়নৰে আদৰণি জনোবাৰ পাছতে প্ৰয়াত শিক্ষাবিদ জনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অভিনেত্ৰী চেতনা দাস আৰু অভিনেত্ৰী অনিন্দিতা দাসৰ লগতে বৰক’লা অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলে। বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষাবিদ গুৰমুখ সিংৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথিৰ ভাষণত চলচ্চিত্ৰ অভিনেত্ৰী চেতনা দাসে কয় যে- পিতৃৰ সত্য পালন কৰি প্ৰভু ৰামচন্দ্ৰ বনলৈ গৈছিল । কিন্তু আজিৰ দিনত পিতৃৰ আজ্ঞা পালন কৰা পুত্ৰৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ৷ এই ক্ষেত্ৰত প্ৰীতম সিংৰ সুযোগ্য পুত্ৰ বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙে তেওঁৰ পিতৃৰ সৌজন্যত বহুখিনি উল্লেখ যোগ্য কাৰ্য সম্পাদনা কৰিছে ৷ তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ বুলি কয় অভিনেত্ৰী চেতনা দাসে ৷

লগতে তেওঁ আৰু কয় যে- “মানুহৰ জীৱনটো মাটিৰ পুতলাৰ দৰে ৷ ই কোন মুহুৰ্তত ভাঙি পৰে তাৰ ঠিকনা নাই”। অভিনেত্ৰী গৰাকীয়ে লগত কয় নগাঁৱৰ বৰক’লাৰ গুৰুদ্বাৰত উপস্থিত হৈ প্ৰয়াত প্ৰীতম সিংৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকি নিজকে ধন্য মনাৰ লগতে বৰক’লা বাসী ৰাইজৰ শলাগ লয় ৷

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষাবিদ প্ৰতাপ সিঙে আতঁধৰা সভাখনিত শিল্পী অনিন্দিতা দাস,অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰাজবীৰ সিং,নগাঁও ফৌজদাৰীপট্টি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ সভাপতি দেৱেন্দ্ৰ সিং চেহমী,উপ-সভাপতি হৰভজন সিং,শিশু সাহিত্যিক উত্তম সিঙকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত শিক্ষাবিদ প্ৰীতম সিংৰ জীৱন দৰ্শনৰ ওপৰত স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে ৷

শিখ ধৰ্মীয় চবন কীৰ্তনৰে জীপাল কৰি ৰখা গাম্ভীৰ্যপুৰ্ণ সভাখনিত জ্ঞানী চেৰ সিং,বৰক’লা শিখ সংগতৰ সম্পাদক শ্যাম সিং,শিল্পী জীৱন সিং,ললিত সিং,শ্বৰিফ সিং,ভজন সিং,বল্লদেৱ সিং,অজিত সিং,ঈশ্বৰ সিং,ভগৱান সিং,মনফুল সিং,হৰদৈয়াল সিং,শংকৰী কলা কৃষ্টিৰ সাধক হৰেন্দ্ৰ লস্কৰ,শংকৰী সাধক মোহন ডেকা,জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,নাট পৰিচালক দিলীপ লস্কৰ,শিক্ষক হেমকান্ত বৰা,প্ৰায়ত শিক্ষাবিদ প্ৰীতম সিংৰ একমাত্ৰ পুত্ৰ খ্যাতনামা নাট্যকাৰ অৱতাৰ সিংকে ধৰি পৰিয়ালৰ সদস্য সকল আৰু বৰক’লাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

আৰু পঢ়ক: কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ চাডেন ভিজিট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in