ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানী আৰক্ষী থানাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। থানাখনৰ পৰা চোৰ পলাই যোৱা ঘটনাই লজ্জানত কৰিছে আৰক্ষীক। জানিব পৰামতে বৃহস্পতিবাৰে নিশা মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণশ্ৰামী গাঁৱৰ মেৰাপানী জাতীয় মহাবিদ্যালয়ৰ পৰা সামগ্ৰী চুৰি কৰিছিল দুই গভাইত চোৰে।
দুই চোৰ ক্ৰমে টিংকু কলিতা আৰু ভাইটি দাসক বিদ্যালয়ৰ ভিতৰতে কৃষ্ণশ্ৰামী গাওঁৰক্ষী বাহিনীয়ে হাতে লোটে কৰায়ত্ত কৰি গতাই দিছিল মেৰাপানী আৰক্ষীক । বৃহস্পতিবাৰৰ নিশাৰ পৰা শুক্ৰবাৰে দিনৰ ভাগলৈকে মেৰাপানী আৰক্ষী থানাত থকা অৱস্থাতে ভাইটি দাস নামৰ চোৰটো শৌচালয়লৈ যোৱাৰ সুযোগ লৈ পলায়ন কৰে।
সম্প্ৰতি এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে মেৰাপানীত। ইফালে ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে যদিও সেই সময়ত দায়িত্বত থকা জনৈক ৰাজখোৱা উপাধিৰ এজন আৰক্ষী জোৱানক সাময়িকভাৱে বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে।
ইফালে অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা মেৰাপানী সীমান্ত অঞ্চলত আৰক্ষীৰ পৰিবৰ্তে ৰাইজে চোৰ ডকাইতক কৰায়ত্ত কৰি দিয়াৰ পাছতো আৰক্ষীৰ হাতৰ পৰাই চোৰ পলায়ন কৰাৰ ঘটনাই অসম আৰক্ষীৰ ফোপোলা স্বৰূপটো বাহিৰলৈ আহিছে।
Also Read: ঢকুৱাখনা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ