লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ আটছাৰ লগতে চাহ মজদুৰ সংঘৰ

লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ আটছাৰ লগতে চাহ মজদুৰ সংঘৰ
Published on
Updated on

ডিজিটেল সংবাদ, মেৰাপানীঃ আগন্তুক লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছাৰ লগতে চাহ মজদুৰ সংঘৰ। বাগিছাৰ মালিক তথা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত ৰাজেশ বাজাজ গ' বেক, হিমন্ত বিশ্ব শৰ্মা গ' বেক ধ্বনিৰে উত্তাল জামুগুৰি চাহ বাগিচা।

আটছা, চাহ মজদুৰ সংঘৰ লগতে বাগিছাৰ শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এপেক্স বেংকৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰাজেশ বাজাজ মালিকাধীন গোলাঘাটৰ জামুগুৰি চাহ বাগিচা আৰু ওখা গৰঙা চাহ বাগিছাৰ শ্ৰমিক সকলক দীৰ্ঘ দিন ধৰি পাপ্যৰ পৰা বঞ্চিত কৰি বাগিছাৰ মালিক ৰাজেশ বাজাজে আত্মগোপন কৰি বাগিচাখন বন্ধ কৰি দিয়াক লৈ ক্ষুদ্ধ হৈ পৰিছে শ্ৰমিক সকল। বিষয়টোৰ সন্দৰ্ভত আটছাই গোলাঘাট জিলা প্ৰশাসনক লিখিত অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আজি জামুগুৰি চাহ বাগিচাত আটছাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। প্ৰতিবাদকাৰীসকলে ৰাজেশ বাজাজৰ বিৰুদ্ধে সৰৱ হৈ পৰা লগতে আগন্তুক লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ অথবা বিজেপি চৰকাৰৰ বিপক্ষে থিয় দিয়াৰ কথা উল্লেখ কৰে।

লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ আটছাৰ লগতে চাহ মজদুৰ সংঘৰ
আত্মসহায়ক গোটৰ টকা লৈ ছফিকুললৈ পলাই গ'ল হিন্দু মহিলা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in