নিৰ্মীয়মান পানী যোগান আঁচনিৰ টেংকি খহি পৰি গুৰুতৰভাৱে আহত ২ শ্ৰমিক

নিৰ্মীয়মান পানী যোগান আঁচনিৰ টেংকি খহি পৰি গুৰুতৰভাৱে আহত ২ শ্ৰমিক
Published on
Updated on

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত জল জীৱন মিছনৰ আঁচনি নিমাৰ্ণত বৃহৎ অঘটন। নিম্ন মানৰ সামগ্ৰীৰে প্ৰায় ত্ৰিশ হাজাৰ লিটাৰ পানী সংৰক্ষণৰ ক্ষমতাৰে বনোৱা টঙীয়া পানী যোগান আঁচনিৰ টেঙ্কি নিমাৰ্ণ কৰি থকা অৱস্থাতে টেঙ্কি ভাঙি ৪০ মিটাৰ উচ্চতাৰ পৰা তলত পৰি দুজন শ্ৰমিক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আন এজন শ্ৰমিক দৈৱ্যক্ৰমে ৰক্ষা পৰে।

আঘাতপ্ৰাপ্ত শ্ৰমিক কেইজন হৈছে কিৰণ পাঠৰী আৰু সপ্তম শ্ৰেণীত অধ্যয়ণৰত কিশোৰ বিজিত চাঁওতাল (১৪) বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি যোৰহাট বৰহোলাৰ ফিৰুজ খান নামৰ ঠিকাদাৰ জনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পানী টেঙ্কীৰ ষ্টেণ্ড নিমাৰ্ণ কৰাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে।

ইফালে দুৰ্নীতিত নিমজ্জিত হৈ থকা ঠিকাদাৰৰ লগতে গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগীয় দায়িত্বত থকা অভিযন্ত্ৰা তথা বিভাগীয় কৰ্মচাৰী সকলো এই ক্ষেত্ৰত জড়িত থকাৰ সন্দেহ কৰিছে। আনহাতে আঘাতপ্ৰাপ্ত শ্ৰমিক দুজনক অতি সংকটজনক অৱস্থাত ১০৮ মৃত্যুঞ্জয় সেৱা যোগে মেৰাপানী চিকিৎসালয়লৈ নিয়া হৈছে।

নিৰ্মীয়মান পানী যোগান আঁচনিৰ টেংকি খহি পৰি গুৰুতৰভাৱে আহত ২ শ্ৰমিক
জন্মদিনত লৈ নগ'ল ডুবাইলৈ, নিদিলে দামী উপহাৰ! পত্নীয়ে মৰিয়াই হত্যা কৰিলে স্বামীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in