জৰাজীৰ্ণ পথৰ ওপৰত জাকৈ বাই, জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত মেৰাপানীত...

জৰাজীৰ্ণ পথৰ ওপৰত জাকৈ বাই, জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত মেৰাপানীত...

author-image
Dimpul Borgohain
New Update
জৰাজীৰ্ণ পথৰ ওপৰত জাকৈ বাই, জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত মেৰাপানীত...

ডিজিটেল সংবাদ, মেৰাপানীঃ জৰাজীৰ্ণ পথৰ ওপৰ জাকৈ বাই, জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে মেৰাপানীৰ এটা প্ৰান্তৰ ৰাইজে। পথ নিৰ্মাণ নকৰাৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত একপ্ৰকাৰ খৰ্গহস্ত হৈ পৰা অঞ্চলবাসীয়ে আগন্তুক নিৰ্বাচনত শাসনাধিষ্ঠ পক্ষক এসেকা দিয়াৰো পণ লৈছে প্ৰতিবাদস্থলীত।

মেৰাপানী টাউনৰ পৰা আমগুৰি হৈ কাছমাৰী লৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ বৃহৎ অংশ দশক দশক ধৰি জৰাজীৰ্ণ হৈ থকাৰ পাছতো আজি পৰ্য্যন্ত পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে লোকনিৰ্মাণ বিভাগে। যাৰ ফলত পথটোৰ দুই কিলোমিটাৰ অংশ এতিয়া পথাৰ সদৃশ হৈ পৰিছে।

পথচোৱাৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতত পৰি প্ৰায়ে সৰু-বৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে পথচাৰী সকল। সম্প্ৰতি পথটোৰে গধুৰ যানবাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। পথটো মেৰামতিৰ বাবে অঞ্চলবাসীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগক অনুনয় বিনুনয় কৰিও আজি পৰ্য্যন্ত কোনো সুফল নাপালে।

সেয়েহে অঞ্চলটোৰ একাংশ পুৰুষ মহিলাই জৰাজীৰ্ণ পথটোৰ গাঁতসমূহত জাল মাৰি, জাকৈ বাই মন্ত্ৰী অজন্তা নেওগৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা চলায়। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে শাসনাধিষ্ঠ দলটোক উচিত প্ৰত্যুত্তৰ দিয়াৰো সিদ্ধান্ত লৈছে ক্ষোভিত ৰাইজে। উল্লেখযোগ্য যে, বিত্তমন্ত্ৰীৰ পদ লাভ কৰাৰ পাছৰে স্থানীয় বিধায়ক অজন্তা নেওগে সমষ্টিলৈ পিঠি দিয়াৰ অভিযোগ সৰ্বত্ৰে উত্থাপিত হৈছে।

মেৰাপানী