মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে...

মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে...
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ ৩৫২ নং মহুৰীৰচৰ জে.বি স্কুলত ৮ মাহে ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ নিদিয়াৰ অভিযোগ তুলিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য-সদস্যা সকলে।

স্কুলৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি গোপন বুজাবুজি কৰি বিগত প্ৰায় ৮ মাহ ধৰি ছাত্ৰ-ছাত্ৰীক দূপৰীয়া আহাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য-সদস্যা সকলে।

অভিযোগ অনুসৰি, যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব মি়য়া ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ দিয়া নাই। বিভাগীয় নিয়ম অনুসৰি প্ৰতিদিনে শিক্ষাৰ্থীসকলক দুপৰীয়া আহাৰ দিয়াটো বাধ্যতামূলক। কিন্তু প্ৰধান শিক্ষক আব্দুল ওৱাহাব মিয়া আৰু পৰিচালনা সমতিৰ সভাপতিজনে গোপন বুজাবুজিত লিপ্ত হৈ দুপৰীয়া আহাৰৰ নামত চৰকাৰে আৱণ্টন দিয়া চাউল আৰু ধনখিনি আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰিছে।

ভিতৰুৱা চৰ এলেকাৰ সুযোগ লৈ প্ৰধান শিক্ষকজনে এমাহত এদিন-দুদিনহে ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ যোগান ধৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্যসকলে। লক্ষণীয় যে বিদ্যালয়খনত সাংবাদিক অহাৰ বাবে কোনোমতে দুপৰীয়া আহাৰ প্ৰস্তুত কৰে যদিও ৯৬ জন শিক্ষাৰ্থীৰ বিপৰীতে সামান্য দুপৰীয়া আহাৰ প্ৰস্তুত কৰা ঘটনাই প্ৰধান শিক্ষকজনৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিভাগীয়ভাৱে বিহীত ব্যৱস্থা লোৱাৰ দাবী তুলিছে অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য সকলে।

মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে...
নিৰ্বাচন খেলিবলৈ সাজু কাৰাবন্দী অমৃতপাল সিং...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in