জিতু দাসৰ সৈতে হেনো সম্পৰ্ক নাই ভৱেশ কলিতাৰ ! পলাতক মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ লাচিত গগৈৰ...

জিতু দাসৰ সৈতে হেনো সম্পৰ্ক নাই ভৱেশ কলিতাৰ ! পলাতক মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ লাচিত গগৈৰ...
জিতু দাসৰ সৈতে হেনো সম্পৰ্ক নাই ভৱেশ কলিতাৰ ! পলাতক মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ লাচিত গগৈৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিজেপি নেতা লাচিত গগৈ আৰু আটাছুৰ নেতা মিলন বুঢ়াগোহাঁইৰ ভাইৰেল টেলিফোনিক বাৰ্তালাপে ৰাজ্যত চলি থকা চুপাৰী ছিণ্ডিকেটৰ প্ৰকৃত ছবিখন স্পষ্ট কৰি দিয়াৰ সমান্তৰালকৈ এই ভাইৰেল কল ৰেকৰ্ডিঙে নতুন নতুন তথ্য পোহৰলৈ আনিছে। বিশেষকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসক ডিফু আৰক্ষীয়ে জেৰা কৰাৰ বিষয়টোৱে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

তাৰ মাজতে বিজেপি সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই জিতু দাসৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপি সভাপতিগৰাকীয়ে কয়, জিতু দাস তেওঁৰ ব্যক্তিগত সহায়ক নহয়। তেওঁৰ ব্যক্তিগত সহায়কজনৰ নাম ৰোহিত বৰুৱাহে।

তেওঁ লগতে জিতু দাস নামৰ লোকজনক ব্যক্তিগত সহায়ক হিচাপে যদি তেওঁ নিযুক্তি দিয়াৰ কিবা তথ্য আছে সেয়াও উলোতাই সাংবাদিকৰ পৰাহে বিচাৰিছে। লগতে তেওঁ কয় যে, জিতু দাসৰ লগত মোৰ ফটো থাকিব পাৰে। ভৱেশ কলিতাৰ মতে তেওঁলোকৰ সৈতে বহুতেই ফটো উঠে। কাকো বাধা দিব নোৱাৰে।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচত প্ৰতিদ্বন্দিতা কৰি দিল্লীলৈ যোৱাৰ সপোন দেখা বিজেপি নেতা লাচিত গগৈৰ জে'ল যাত্ৰাৰ পাছত জে'লৰ পৰাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাসকলৰ মুখ খোলাৰ হুংকাৰ দিছে। তেওঁ আটাছুৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰৰ তৰিব বুলি কোৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ সৈতে এজন প্ৰভাৱশালী ব্যক্তি জড়িত হৈ থকাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এই প্ৰভাৱশালী ব্যক্তিজন কোন সেই কথা তেওঁ উল্লেখ কৰাৰ পৰা বিৰত আছে।

ইফালে আটাছুৰ পৰা অপসাৰিত হোৱাৰ পাছতে এতিয়া আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ আত্মগোপন কৰিছে মিলন বুঢ়াগোহাঁইয়ে। জাতীয় সংগঠনৰ নেতৃত্বত থাকি বিজেপিৰ নেতাক লোকসভা নিৰ্বাচনৰ টিকট দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফৰমাইছ কৰা এইগৰাকী নেতাৰ সন্ধানত আছে আৰক্ষী।

মিলন বুঢ়াগোহাঁই আৰু লাচিত গগৈৰ টেলিফোনিক কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে আটাছুৰ ভিতৰচৰাত যিদৰে জাকৰণিৰ সৃষ্টি কৰিছে ঠিকে একেদৰে বিজেপিৰ ভিতৰচৰাতো জোকাৰণিৰ সৃষ্টি কৰিছে। দীৰ্ঘদিনৰ পৰা ৰাজ্যত ছিণ্ডিকেট চলি আহিছে বুলি উত্থাপিত অভিযোগসমূহ এই ভাইৰেল কল ৰেকৰ্ডিঙে প্ৰায় সত্য প্ৰমাণিত কৰিছে।

এই ছিণ্ডিকেটৰ সৈতে যে দিছপুৰো কিবা প্ৰকাৰে জড়িত হৈ আছে সেই কথাৰো উমান পোৱা গৈছে। ইফালে ডিফু আৰক্ষীয়ে জেৰা চলাই থকা জিতু দাস কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ পদতো আছে।

আনহাতে এই গোচৰত নাম সাঙোৰ খোৱা দুগৰাকীকৈ সাংবাদিক ক্ৰমে কল্যান বৰুৱা আৰু সীমান্ত লাহনক তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠানৰ পৰা অব্যাহতি দিয়াৰ লগতে তেওঁলোকৰ সৈতে এতিয়াৰে পৰা সংবাদ প্ৰতিষ্ঠানটোৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্টিকৰণো দিছে। দুয়ো সাংবাদিকক ডিফু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

জিতু দাসৰ সৈতে হেনো সম্পৰ্ক নাই ভৱেশ কলিতাৰ ! পলাতক মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ লাচিত গগৈৰ...
আকৌ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰ নিৱাসঃ এখন জাননীক লৈ শংকিত ছাত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in