ধান, ঘেঁহুৰ তুলনাত মিলেটৰ পুষ্টিকৰ উপাদান বহু বেছি : কৃষি বিভাগ

ধান, ঘেঁহুৰ তুলনাত মিলেটৰ পুষ্টিকৰ উপাদান বহু বেছি : কৃষি বিভাগ

author-image
Asomiya Pratidin
New Update
ধান, ঘেঁহুৰ তুলনাত মিলেটৰ পুষ্টিকৰ উপাদান বহু বেছি : কৃষি বিভাগ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম মিলেট মিছনৰ উদ্যোগত আন্ত:জাৰ্তিক মিলেট বৰ্ষ উপলক্ষে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা কৃষি বিভাগে অসমৰ স্কুলীয়া শিশুসকলৰ বাবে মিলেটৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গৌৰাং হাইস্কুলত এখন সজাগতা সভা অনুষ্ঠিত কৰে । উক্ত সজাগতা সভাত কৃষি বিভাগৰ সহ সঞ্চালক দিগন্ত থাপা, জিলা কৃষি বিষয়া বুৰ্লুং বুথুৰ নাৰ্জাৰী, মহকুমা কৃষি বিষয়া মনিন্দ্ৰ নাৰায়ন দাসে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, "ভাৰত চৰকাৰৰ প্ৰস্তাৱনা অনুসৰি ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষটো আন্ত:ৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছে ।এই শস্যৰ উপকাৰিতা সন্দৰ্ভে প্ৰচাৰ কৰি বিশ্বব্যাপি মিলেটৰ চাহিদা আৰু গ্ৰহণযোগ্যতা সৃষ্টি কৰাৰ বাবে বিশেষ প্ৰচেষ্ঠা হাতত লৈছে । মিলেটৰ উৎপাদন বৃদ্ধি , পৰিপুষ্ঠি , স্ৱাস্থ্য সজাগতা, সংসাধন প্ৰক্ৰিয়াৰ জৰিয়তে উদ্যোগৰ বিকাশ আৰু মুল্য সংযোজনৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি ভাষণত উল্লেখ কৰিছে ।"

বক্তাসকলে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান ভাৰতত "শ্ৰীঅন্ন" হিচাপে অভিহিত তথা একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম মিলেট (মৰুৱা ধান) বহুদিনৰ আগতে অসমীয়া খাদ্যভ্যাসৰ অবিচ্ছেদ্য অংগ আছিল । সময়ৰ লগে লগে মানুহে অন্য শস্যবোৰৰ ওপৰত অধিক গুৰুত্ব দিবলৈ লোৱাত মৰুৱা ধান হ্ৰাস পাই আহিল । বক্তাসকলে ধান, ঘেঁহুৰ তুলনাত মিলেটৰ পুষ্টিকৰ উপাদান সন্দৰ্ভতো বক্তব্য ৰাখে আৰু জাংক ফুডৰ সলনি নিয়মীয়াভাৱে মিলেটৰ দ্বাৰা তৈয়াৰী হোৱা খাদ্য খাবলৈ পৰামৰ্শ আগবঢ়ায় ।

ইয়াৰোপৰি সজাগতা সভাতে ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত মিলেটৰ দ্বাৰা তৈয়াৰী হোৱা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । উল্লেখ্য আজিৰ সজাগতা সভাত গৌৰাং হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আবিৰা ব্ৰহ্ম ভৌমিক, কোকৰাঝাৰ উন্নয়ন খণ্ডৰ সহকাৰী টেকনোলোজী মেনেজাৰ মৃত্যুঞ্জয় বসুমতাৰী, বড়োলেণ্ড এগ্ৰো অৰ্গানিক প্ৰডিউচাৰ কোম্পানীৰ চিইঅ' বিক্ৰম নাৰ্জাৰী, কোকৰাঝাৰ কৃষি বিভাগৰ মিডিয়া এক্সপাৰ্ট বৰ্ণালী বুঢ়াগোঁহাই উপস্থিত থাকে ।

Also Read: আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী

Millet nutrition