তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলীৰ আয়ুক্তৰে বৈঠক জয়ন্ত মল্ল বৰুৱাৰ

লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া উপায়ুক্ত সন্মিলনলৈ যোৱাৰ সময়তে এই বৈঠক
তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলীৰ আয়ুক্তৰে বৈঠক জয়ন্ত মল্ল বৰুৱাৰ
তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলীৰ আয়ুক্তৰে বৈঠক জয়ন্ত মল্ল বৰুৱাৰ
Published on
Updated on

ডিজিটেল সংবাদ লখিমপুৰ: লখিমপুৰত অনুষ্ঠিত উপায়ুক্ত সন্মিলনৰ কাৰ্য্যসূচী হিচাপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, আৰু মাজুলীৰ জিলা আয়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। আজিৰ এই বৈঠকৰ অন্যতম উদ্দেশ্য হৈছে বিভিন্ন জিলাসমূহে চৰকাৰৰ নতুন নতুন পদক্ষেপসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক সামাধানৰ পৰিকল্পনা যুগুত কৰা।

আজিৰ বৈঠকত জল জীৱন মিছন, এম জি এনৰেগা, পি এম ৱাই-জি এণ্ড পি এম ৱাই-ইউ, এছ বি এম(জি এণ্ড ইউ), আয়ুষ্মান ভাৰত ডিজিটেল মিছন, অমৃত সৰোবৰ আদি বিভিন্ন ফ্লেগশ্বিপ আঁচনিৰ ওপৰত পৰ্যালোচনা কৰা হয়। ইয়াৰোপৰি আয়ুক্তসকলে নিজ নিজ জিলাত আঁচনিসমূহৰ বৰ্তমানৰ স্থিতিৰ ওপৰত আলোকপাত কৰে।

আজিৰ এই বৈঠকত অসম চৰকাৰৰ জ্যেষ্ঠ সচিব জে বি এক্কা, জি ডি ত্ৰিপাঠী, এম এছ মনিভনন, অনন্ত লাল জ্ঞানী আদিকে ধৰি আন আন বিষয়ববীয়া উপস্থিত থাকে।

তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলীৰ আয়ুক্তৰে বৈঠক জয়ন্ত মল্ল বৰুৱাৰ
নগাঁৱত নতুন আইন প্ৰণয়ন সন্দৰ্ভত আৰক্ষীৰ সজাগতা সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in