চৰাইদেউৰ মৈদামত সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্য মন্ত্ৰী বিএল বাৰ্মা...

পুৱাই চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰিদৰ্শন কৰি উপৰিপুৰুষ স্মৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
চৰাইদেউৰ মৈদামত সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্য মন্ত্ৰী বিএল বাৰ্মা...

চৰাইদেউৰ মৈদামত সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্য মন্ত্ৰী বিএল বাৰ্মা...

ডিজিটেল সংবাদ চৰাইদেউঃ দুদিনীয়া ভ্ৰমণসূচীৰে চৰাইদেউ জিলাত উপস্থিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই আজি চৰাইদেউ মৈদাম ক্ষেত্ৰ ভ্ৰমণ কৰে। তেওঁ পুৱাৰ ভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰিভ্ৰমণ কৰি আহোম স্বৰ্গদেউসকলৰ উপৰিপুৰুষক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ৷

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে মৈদাম ক্ষেত্ৰত উপস্থিত হোৱাৰ লগেলগে পুৰাতত্ত্ব আৰু প্ৰত্নতত্ত্ব বিভাগৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি জনোৱ হয় ৷ মন্ত্ৰী বাৰ্মাই শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা আহোম ৰাজত্বকালৰ মৈদামৰ গঠন, ইতিহাস আৰু ইয়াৰ ঐতিহাসিক মূল্য, গুৰুত্ব সম্পৰ্কে বুজ লৈ আপ্লুত হৈ পৰে ৷

Also Read: এচিড বিক্ৰী কৰিব নোৱাৰিব দোকানীয়েঃ অপৰাধ হ'লে দোষী হ'ব বিক্ৰেতাও...

চৰাইদেউ চৰাইদেউৰ মৈদাম