বিহালীৰ সংখ্যালঘু অঞ্চলত ৰণদংকা মন্ত্ৰী পীযুষ হাজৰীকাৰঃ জয়ন্ত বৰাক পৰিভ্ৰমী চৰাই আখ্যা...

ৰকিবুল হুছেইনকো সমালোচনা মন্ত্ৰীগৰাকীৰ

author-image
Asomiya Pratidin
New Update
বিহালীৰ সংখ্যালঘু অঞ্চলত ৰণদংকা মন্ত্ৰী পীযুষ হাজৰীকাৰঃ জয়ন্ত বৰাক পৰিভ্ৰমী চৰাই আখ্যা...

বিহালীৰ সংখ্যালঘু অঞ্চলত ৰণদংকা মন্ত্ৰী পীযুষ হাজৰীকাৰঃ জয়ন্ত বৰাক পৰিভ্ৰমী চৰাই আখ্যা...

ডিজিটেল সংবাদ বিহালীঃ বিহালী বিধানসভা সমষ্টিত উপ নিৰ্বাচনী বতাহ তুংগত উঠিছে। বিৰোধী দলতকৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত শাসক পক্ষ অধিক সক্ৰিয় হৈ পৰা দেখা গৈছে।

বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এইবাৰ বিহালী সমষ্টিত বিজেপি দলৰ হৈ মূখ্য ভুমিকা গ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে বিহালী সমষ্টিত বাহৰ পাতি লৈছে মন্ত্ৰীগৰাকীয়ে।

আজি মন্ত্ৰীগৰাকীয়ে বিধায়ক দিগন্ত কলিতা, সাংসদ ৰঞ্জিত দত্তকলৈ সংখ্যালঘু অধ্যুষিত অঞ্চল বাঘমাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিহালী সমষ্টিৰ পৰা কোনো কাৰনতে কংগ্ৰেছ জয় হ'ব নোৱাৰে বুলি উল্লেখ কৰাৰ লগতে মুছলমানসকলৰ ভোটসমূহ নষ্ট নকৰিবলৈ আহ্বান জনাই।

যোৱা বিধানসভা নিৰ্বাচনত বিহালীৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা কৰি পুনৰ বিজেপিত যোগদান কৰা জয়ন্ত বৰাই আজি বিজেপি দল ত্যাগ কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, জয়ন্ত বৰা হ'ল পৰিভ্ৰমী চৰাই। যাৰ লক্ষ্যই হ'ল টিকত, তেনে ব্যক্তিক কোনে ৰাখিব?

বিহালীত প্ৰাৰ্থী দিবলৈ কংগ্ৰেছৰ মানুহ নাই বাবেই জয়ন্ত বৰাৰ দৰে ব্যক্তিক দলীয় টিকত দিয়াৰ চিন্তা চৰ্চা কৰিছে। বিহালীত কংগ্ৰেছৰ তাতেই প্ৰথম পৰাজয়। কংগ্ৰেছৰ চূড়ান্ত পৰাজয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা হ'ব।

আনহাতে ৰকিবুল হুছেইনে মন্ত্ৰী পীযুষ হাজৰীকাক গাড়ী দিয়াৰ সন্দৰ্ভত ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই কয় যে, মই কামাখ্যা মন্দিৰলৈ যাওঁ আৰু ৰকিবুল হুছেইন কোনোবা মছজিদলৈ যাওঁক। কোনো কাৰণতে কেতিয়াও ৰকিবুল হুছেইনে মোক গাড়ী ক্ৰয় কৰি দিয়া নাই।

২০০৩ চনত মই এখন মাৰুতি কাৰ কিনিছিলো,ৰকিবুল হুছেইনে হয়তো সেই কথা নাজানেই। ২০০৬ চনত ৰকিবুল হুছেইন পৰ্যটন বিভাগৰ মন্ত্ৰী থকা সময়ত মোৰ খুৰাৰ ল'ৰা দুজনে বিভাগৰ পৰা চৰকাৰী আঁচনিৰ অধিনত এখন গাড়ী পাইছিল আৰু সেইটোকে ৰকিবুল হুছেইনে যদি গাড়ী দিয়া বুলি কৈছে,মই নাজানো।

যুৱ কংগ্ৰেছৰ সভাপতি থকা সময়ত মন্ত্ৰী পীযুষ হাজৰীকাক টিকট দিছিল ৰাহুল গান্ধীয়ে। ৰকিবুল হুছেইনে টিকত দিয়া নাছিল।ৰকিবুল হুছেইনৰ স্মৃতি শক্তিৰ দোষ হৈছে বুলিও মন্তব্য কৰে।

ইফালে মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে,২০১৬ চনত ড০ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত প্ৰকাণ্ড শিল মাৰিছিল। সেয়া কোনে কৰিছিল? সেয়া কংগ্ৰেছেই কৰা নাছিল জানো? চামগুৰিত কংগ্ৰেছৰ এইয়া এক সংস্কৃতি বুলিও কটাক্ষ কৰে।

Also Read: শিৱসাগৰৰ ৰাহুল হাজৰিকাক পৰিকল্পিত ভাৱে শূন্য দূৰত্বৰ পৰা গুলীওৱাৰ গুৰুতৰ অভিযোগ...

বিহালী পীযুষ হাজৰীকা উপ নিৰ্বাচন