৬৫,০০০ টকাত পিতৃয়ে বিক্ৰী কৰা পুত্ৰক উদ্ধাৰ ঘিলামৰা আৰক্ষীৰ

মঙলবাৰে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱৰ পৰা পোহৰলৈ আহিছিল এক ভয়ংকৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
৬৫,০০০ টকাত পিতৃয়ে বিক্ৰী কৰা পুত্ৰক উদ্ধাৰ ঘিলামৰা আৰক্ষীৰ

পাষাণ পিতৃ দ্বীপজ্যোতি গগৈ

ডিজিটেল সংবাদ, ঢকুৱাখনা: মঙলবাৰে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁৱৰ পৰা পোহৰলৈ আহিছিল এক ভয়ংকৰ ঘটনা। দ্বীপজ্যোতি গগৈ ওৰফে প্ৰসন্ন গগৈ নামৰ ঢকুৱাখনা ঘিলামৰা বালিয়নী গাওঁৰ ৩৫ বছৰীয়া ব্যক্তিগৰাকীয়ে নিজ পুত্ৰক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

১৩ বছৰীয়া পুত্ৰক মাত্ৰ ৬৫,০০০ হাজাৰ টকাত অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাৰ পাছতেই মঙলবাৰে নিশা অৰুণাচলৰ নাহ লগনৰ পৰা ঘিলামৰা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় কিশোৰজন।

উল্লেখ্য যে, পুত্ৰক বিক্ৰী কৰাৰ অভিযোগ লাভ কৰাৰ পাছত গাঁওৰক্ষী বাহিনীয়ে ব্যক্তিজনৰ ওপৰত দীৰ্ঘদিন ধৰি তীক্ষ্ণ নজৰ ৰাখিছিল । সোমবাৰে সন্ধিয়া অৰুণাচলৰ পৰা স্বগৃহলৈ উভতি আহি পত্নীকো মঙলবাৰে পুৱা কৌশলেৰে অৰুণাচললৈ নিয়াৰ চক্ৰান্ত ৰচিছিল দ্বিপজ্যোতিয়ে।

এই সন্দৰ্ভত খবৰ লাভ কৰি গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে পুৱা ব্যক্তিজনক আটক কৰিছিল। পৰৱৰ্তী সময়ত লোকজনক উত্তম মাধ্যম সোধাই গাঁওৰক্ষী বাহিনীয়ে ঘিলামৰা আৰক্ষীক গতাই দিছিল। তাৰ পাছতে পোহৰলৈ আহিছিল এই ভয়ংকৰ ঘটনা।

Also Read: মহানগৰীত আৰক্ষীৰ জালত দুই চেইন চোৰ

Assam police