বোল ব'মলৈ ওলাই গৈছিল কিশোৰী, আই নৈৰ বুকুত সন্ধানহীন

সোমবাৰে পুৱতি নিশা বোল ব'মলৈ ওলাই আহি আই নৈৰ বুকুত এগৰাকী কিশোৰী সন্ধানহীন হয় ৷

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ডিজিটেল সংবাদ, চিৰাং: সোমবাৰে পুৱতি নিশা বোল ব'মলৈ ওলাই আহি আই নৈৰ বুকুত এগৰাকী কিশোৰী সন্ধানহীন হয় ৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে চিৰাং-বঙাইগাঁও জিলাৰ সীমামূৰীয়া ৰাখালডুবিৰ আই নৈৰ পাৰত । ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি আই নৈৰ পাৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

সন্ধানহীন হোৱা কিশোৰী গৰাকীক তুলশী বৰ্মন বুলি চিনাক্ত কৰা হৈছে । কিশোৰী গৰাকীৰ ঘৰ গোৱালপাৰাৰ দুধনৈত । খাৰিজা দোলাইগাঁৱত মোমায়েকৰ ঘৰলৈ আহি বোল ব'ম উপলক্ষে পুৱতি নিশা ৰাখালডুবিস্থিত আই নৈৰ দলঙৰ সমীপত থকা শিৱ মন্দিৰলৈ আহিছিল কিশোৰী গৰাকী । নৈখনত গা ধুবলৈ গৈ হঠাতে সন্ধানহীন হয় কিশোৰী গৰাকী ৷

খবৰ লাভ কৰি ঘটনাস্থলীত এচডিআৰএফ ৰ বাহিনী উপস্থিত হৈ কিশোৰী গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰা লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Assam police