মধুপুৰ সত্ৰক লৈ সামাজিক মাধ্যমত কোনে চলাইছে অপপ্ৰচাৰ ?

মধুপুৰ সত্ৰক লৈ সামাজিক মাধ্যমত কোনে চলাইছে অপপ্ৰচাৰ ?
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰীঃ অসমীয়া জাতীয় জীৱনক প্ৰাণৱন্ত কৰি ৰখা কোচবিহাৰ ঐতিহাসিক মধুপুৰ সত্ৰ সম্পৰ্কত সামাজিক মাধ্যমত মাধৱ মহন্ত নামৰ যুৱক এজনে পৰিকল্পিত আৰু উদ্দেশ্য প্রণোদিতভাৱে চলাই থকা অপপ্ৰচাৰ চলাই আছে। এই সন্দৰ্ভত মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে বিবৃতি প্ৰকাশ কৰি কয় যে, যোৱা ২০ ছেপ্টেম্বৰত এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে তেওঁৰ নিজৰ ফেচবুক একাউণ্টৰ যোগেদি মধুপুৰ সত্ৰ চৌহদৰ পৰা মাধৱ মহন্ত নামৰ এজন যুৱকে দিয়া সাক্ষাৎকাৰত যুৱক জনে নিজকে সত্ৰখনৰ ডেকা-সত্ৰাধিকাৰ হিচাপে চিনাকী দিয়া কাৰ্য্যই ভক্তপ্ৰাণ ৰাইজক আচৰিত কৰি তোলাৰ লগতে সত্ৰখনৰ ঐতিহ্য, পৰম্পৰা আৰু ৰীতি-নীতিক সম্পূৰ্ণৰূপে অৱমাননা কৰিছে।

বিবৃতিটোত সত্ৰ সমিতিয়ে কয় যে, যোৱা ১৮ আগষ্টত সত্ৰ চৌহদত বৰপেটা, সুন্দৰীদিয়া, বৰপেটাৰোড শাখা সত্ৰ, সত্ৰশাল, জিনকাটা সত্ৰৰ লগতে উত্তৰবংগৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰকে ধৰি প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সত্ৰ সমিতিৰ সাধাৰণ সভাত মধুপুৰ সত্ৰৰ পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ ডেকা-সত্ৰাধিকাৰ গৌতম পাঠকৰ পৰামৰ্শ মৰ্মে পীতাম্বৰ ভকতক সত্ৰাধিকাৰ হিচাপে মনোনীত কৰা হয়। উল্লেখযোগ্য যে, উক্ত সভাখনত অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ধুবুৰী জিলাৰ উন্নয়ন আয়ুক্ত পল্লৱ মজুমদাৰ উপস্থিত আছিল। এইখন সভাতেই মধুপুৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ অসুস্থতাৰ বাবে তেওঁক পৰিচৰ্যা কৰিবলৈ নিয়োগ কৰা মাধৱ মহন্ত নামৰ যুৱক জনে সত্ৰখনৰ নীতি-নিয়ম উলংঘা কৰি নিজকে ডেকা-সত্ৰাধিকাৰ হিচাপে প্ৰচাৰ চলাই থকা বাবে তেওঁক সত্ৰখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল।

তাৰপিছতো বিভিন্ন মাধ্যমত তেওঁ নিজকে ডেকা-সত্ৰাধিকাৰ হিচাপে পৰিচয় দি সত্ৰখনৰ পৰম্পৰাক চৰম আঘাত সানিছে। উল্লেখিত সাক্ষাৎকাৰটো সত্ৰখনত কোনো সত্ৰাধিকাৰ নাই বুলি আগবঢ়োৱা মন্তব্যই মধুপুৰ অঞ্চলৰ গুৰুজনাৰ আদৰ্শত বিশ্বাসী ভক্তপ্ৰাণ ৰাইজৰ আৱেগ-অনুভূতিক অসন্মান কৰিছে। সাক্ষাৎকাৰটোত সত্ৰ সমিতিক চৰকাৰে ভংগ কৰি দিয়া বুলি অতি মনে সজা বক্তব্য প্ৰকাশ কৰি সত্ৰৰ ভক্তৰ মাজত বিভাজন অনাৰ গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে।

উল্লেখযোগ্য যে, প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ অসুস্থতাৰ বাবে মাধৱ মহন্ত নামৰ লোকজনৰ হাতত সত্ৰখনৰ মূল ভাণ্ডাৰৰ চাবি-কাঠি হাতত থকাৰ সময়তে সত্ৰখনৰ পৰা গুৰুজনাই নিজ হাতে লিখা সাঁচিপাতৰ পুথিকে ধৰি কেইবাবিধো মূল্যৱান সামগ্ৰী নোহোৱা হৈছে। সত্ৰ সমিতিৰ ১৮ আগষ্টৰ সাধাৰণ সভাৰ সিদ্ধান্ত আৰু কাৰ্য্য বিৱৰণী ১৯ আগষ্টত অসমৰ সকলো বাতৰি কাকত আৰু সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতো ৰাজনৈতিক দলৰ মুখপাত্ৰ এগৰাকীয়ে বিভ্ৰান্তিমূলক তথ্যপাতিৰে ৰাইজক ভূল বাৰ্তা প্ৰদান কৰাটো লক্ষ্যণীয় বিষয় হিচাপে বিবেচিত হৈছে। উক্ত ঘটনা সন্দৰ্ভত মধুপুৰ সত্ৰ সমিতিয়ে ৰাইজক মধুপুৰ সত্ৰৰ পৰম্পৰাক বিঘ্নিত কৰিবলৈ খোজা শক্তিসমূহৰ কাৰ্য্যকলাপৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

মধুপুৰ সত্ৰক লৈ সামাজিক মাধ্যমত কোনে চলাইছে অপপ্ৰচাৰ ?
'ট্ৰেণ্ডছ-প্ৰতিদিন টাইম'ৰ বিশাল আয়োজন : ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ ২০২৩ প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in