মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন

মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই: মিচিং আগম কেবাঙৰ বিভিন্ন বাংকে (শাখা) আগম কেবাঙৰ উদ্যোগত সোমবাৰে ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে মিচিং আগম কেবাঙৰ দীঘলীয়া ভাষা আন্দোলনৰ অন্তত ৰাজ্য চৰকাৰে ১৯৮৫ চন ৩০ অক্টোবৰত মিচিং দোৱানক ৰোমান লিপিৰে ভাষা হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল। তেতিয়াৰ পৰা মিচিং ভাষা মিচিং অধ্যুষিত বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ভাষা বিষয় হিচাপে প্ৰৱৰ্তন হৈ আহিছে আৰু মিচিং আগম কেবাং আৰু মিচিং ৰাইজৰ উদ্যোগত প্ৰতি বছৰে এই দিনটোক ভাষা দিৱস হিচাপে পালন কৰি আহিছে।

জোনাই মহকুমাৰ তাৰি ৰদাং বাংকে আগম কেবাঙৰ উদ্যোগত নেঙান মুৰং অকুমত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হয়। এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগতে সভাপতি লক্ষ্যনাথ টায়ুঙৰ দ্বাৰা পতাকা উত্তোলন আৰু দৃৰবৃ কেবাঙৰ সভাপতি সৰ্বেশ্বৰ পেগুৰ দ্বাৰা স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অঁকা, মিচিং কবিতা পাঠ, লোকনৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বাংকে আগম কেবাঙৰ সভাপতি লক্ষ্যনাথ টায়ুঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰয়েল পেগুৱে অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়, "আমাৰ পূৰ্বপুৰুষসকলে হাজাৰ বছৰে কথিত ৰূপত মিচিং ভাষাক জীয়াই ৰাখিছিল। কিন্তু আধুনিকতাৰ প্ৰভাৱত মিচিং ভাষা বিপন্ন হৈ পৰিছে। ব্যৱহাৰিক দিশ নথকা ভাষা এটা কেতিয়াও জীয়াই নাথাকে"। মিচিং ভাষাক জীয়াই ৰাখিবলৈ শীঘ্ৰে শিক্ষা মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে নগৰে-চহৰে, গাঁৱ-ভূঞে ঘৰুৱা পৰিবেশত সকলো মিচিং লোকে মিচিং ভাষাৰ ব্যৱহাৰ কৰি মাতৃভাষা জীয়াই ৰাখিবলৈ আহ্বান জনাই ৰয়েল পেগুৱে।

সভাত বিজয়পুৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমিয় কুমাৰ কুম্বাং আৰু মিচিং অলিম্পিকৰ হাফ মৰাথান দৌৰ প্ৰতিযোগিতা ৰূপৰ পদক বিজয়ী মিগম টায়ুঙক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত বাংকে আগম কেবাঙৰ সম্পাদক ৰাজেশ দলেৰ লগতে কৰ্মকৰ্তা, টি এম এম কে, টি এম পি কে, এম এম কে, এম বি কে, এম ডি কে আদিৰ কৰ্মকৰ্তা, গাঁও প্ৰধান, ছাত্ৰ-ছাত্ৰী আৰু ভাষাপ্ৰেমী ৰাইজ উপস্থিত থাকে।

ইপিনে মুৰ্কংচেলেক বাংকে আগম কেবাঙৰ উদ্যোগত জোনাই জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ কাৰ্যালয়ত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা ভাগতে চেনিৰাম পাংগিঙৰ দ্বাৰা পতাকা উত্তোলন আৰু দিবাকৰ মিলিৰ দ্বাৰা স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত মুৰ্কংচেলেক বাংকে আগম কেবাঙৰ সভাপতি চেনিৰাম পাংগিঙৰ সভাপতিত্বত 'মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন' শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা সভা এখন অনুষ্ঠিত কৰা হয়।

বাংকে আগম কেবাঙৰ সম্পাদক অনিল বৰিয়ে আঁত ধৰা সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱই উদ্বোধন কৰি মিচিং ভাষা-সাহিত্য জীয়াই ৰাখিবলৈ ভাষাপ্ৰেমী ৰাইজক অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। সভাত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য ৰয়েল পেগু, বিজয় বৰি, জ্যেষ্ঠ ব্যক্তি কৰ্জুন পাইত, দিবাকৰ মিলি, মহাবীৰ পায়েং, নীলিমা টায়ে ৰেগন, লক্ষেশ্বন দাৱ, ধনীলাল পেগু, বিজু কুমাৰ টায়ে, অমৰাবতী দলে পেগু, ভৰত দলে, সাবিত্ৰী লাগাছু, মহানন্দ কুলি, মণ্ডেশ্বৰ পেগু আদি ভাষাপ্ৰেমী ৰাইজে উপস্থিত থাকে।

সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ আৰু মিচিং ভাষাৰ শিক্ষক উমেধৰ পেগুক শৈক্ষিক দিশৰ লগতে মিচিং ভাষা-সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে প্ৰশস্তি পত্ৰ, মিচিং অৰককেৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়।

জোনাই মহকুমাৰ দেবিং-দেতাগ বেংক আগম কেবাঙৰ উদ্যোগত টি এম পি কেৰ কাৰ্যালয়ত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হয়। এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগতে সভাপতি তুলেশ্বৰ পেগুৰ দ্বাৰা পতাকা উত্তোলন কৰা সম্পাদক মনোজ কুমাৰ টায়েৰ দ্বাৰা স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

ইপিনে মিচিং ভাষা-সাহিত্য প্ৰচাৰ-প্ৰসাৰ সন্দৰ্ভত এক আলোচনা সভা এখন অনুষ্ঠিত কৰা। সভাত বাংকেৰ সভাপতি তুলেশ্বৰ পেগু, উপ-সভাপতি মাধৱ মিলি, সম্পাদক মনোজ কুমাৰ টায়ে, সহকাৰী সম্পাদক হৰিশ পেগু, কোষাধ্যক্ষ ৰমেন লাগাছু, মুখপত্ৰ সম্পাদক দীপক দলে, সদস্য প্ৰেমধৰ পায়েং, যুগীতা দলে, বিনা পেগু, বলিন দলে, খগেন দলে, উপদেষ্টা মহেন্দ্ৰ টায়ে, অজয় পেগু, টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ নেতৃবৃন্দ, য়গ্ম পাতিৰ, জিৰেন কুটুম, মনোজ দলে, নিৰ্মল দলে, ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি বীৰেন পেগু, জোনকাৰেং ত্ৰিনিটি ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষা-সাহিত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জোনাই আনে বিল্লাম বাংকে আগম কেবাঙৰ উদ্যোগত টি এম পি কেৰ কাৰ্যালয়ত দিনটোজোৰা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন কৰা হয়।

মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক মিচিং ভাষা দিৱস পালন
৩ দিনীয়া অৱৰোধেৰে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী বিৰোধী মিত্ৰজোঁটৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in