ক'ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত প্ৰদীপ শইকীয়া ? চাৰিদিনে নাই সন্ধান, চিন্তিত পৰিয়াল

ক'ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত প্ৰদীপ শইকীয়া ? চাৰিদিনে নাই সন্ধান, চিন্তিত পৰিয়াল

author-image
Asomiya Pratidin
New Update
ক'ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত  প্ৰদীপ শইকীয়া ? চাৰিদিনে  নাই সন্ধান, চিন্তিত পৰিয়াল

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ ডাংধৰাত চাৰিদিনে সন্ধানহীন এজন ৫৫ বছৰীয়া ব্যক্তি। সন্ধানহীন ব্যক্তিজনৰ নাম প্ৰদীপ শইকীয়া। জলসিঞ্চন বিভাগত কৰ্মৰত আছিল প্ৰদীপ শইকীয়া। ঘটনাটোৱে বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিতাবৰৰ ডাংধৰা অঞ্চলত।

শুক্ৰবাৰৰ পুৱা ঘৰৰ পৰা অলপ ওলাই গৈ সন্ধানহীন হৈ পৰে ব্যক্তিজন। বৰ্তমান প্ৰদীপ শইকীয়াক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালবৰ্গই।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। আৰক্ষীয়েও প্ৰদীপ শইকীয়াৰ সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সক্ষম হোৱা নাই।

ইফালে ঘৰখনত এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। পত্নীৰ সৈতে তিতাবৰৰ ডাংধৰাত বসবাস কৰিছিল প্ৰদীপ শইকীয়াই। পুত্ৰই চাকৰিসূত্ৰে শিৱসাগৰত থাকে। দুগৰাকী জী বিবাহিত।

বৰ্তমান সকলোৱে প্ৰদীপ শইকীয়াক বিচাৰি হাহাকাৰ কৰিছে। অকস্মাত ক'ত সন্ধানহীন হৈ পৰিল প্ৰদীপ শইকীয়া, এই কথাই বৰ্তমান বাৰুকৈয়ে চিন্তিত কৰিছে পৰিয়ালক।

কোনো লোকে প্ৰদীপ শইকীয়াৰ সন্ধান পালে ৯৩৬৫৫৬০৬৯০ অথবা ৮৪০২৯০৬০২০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

Also Read: আজিৰে পৰা গুৱাহাটীত বিশেষ পথ নিৰ্দেশনাঃ জানক সৱিশেষ...

Assam police