অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ কৃতিত্ব অৰ্জনৰ যুঁজ বন্ধ কৰাৰ দাবী অখিলৰ

বিজেপি দল আৰু চৰকাৰলৈ অখিলৰ মুঠ ১১ টা প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ কৃতিত্ব অৰ্জনৰ যুঁজ বন্ধ কৰাৰ দাবী অখিলৰ

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ কৃতিত্ব অৰ্জনৰ যুঁজ বন্ধ কৰাৰ দাবী অখিলৰ

ডিজিটেল সংবাদ গুৱাহাটীঃ ৩ অক্টোবৰ, ২০২৪ তাৰিখে কেন্দ্রীয় কেবিনেটে অসমীয়া ভাষাক দিয়া ধ্রুপদী ভাষাৰ মর্যাদাক বাইজৰ দলে আদৰণি জনাইছে। আজি এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই সিদ্ধান্তক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলা কৃতিত্ব অৰ্জনৰ যুঁজক সমালোচনা কৰিছে। তাৰোপৰি অসমীয়া ভাষা বিৰোধী কেতবোৰ সিদ্ধান্তৰ বাবেও তেওঁ দুয়োকে সমালোচনা কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিত তেওঁ কয় যে অসমীয়া ভাষাই হেম সৰস্বতীৰ দিনৰ পৰাই, অনন্ত কন্দলিৰ আগৰ পৰাই প্রবাহমানভাবে বিকশিত হৈ আহিছে। আন ১০ টা ভাষাৰ লগত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মর্যাদা পোৱাটো এক অত্যন্ত গুৰুত্বপূর্ণ বিষয় আৰু অসমীয়া জাতিৰ বাবে বৃহৎ প্রাপ্তি।

কিন্তু এতিয়া অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভৰ বিষয়টোত কৃতিত্ব লোৱাৰ হেতাওপৰা লগোৱাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে। কৃতিত্ব কাৰ?সর্বানন্দ সোণোৱালৰ নে হিমন্ত বিশ্ব শর্মাৰ? তাক লৈ অৰিয়াঅৰি চলিছে। তাৰ মাজতে কৃতিত্ব লোৱাৰ দৌৰত লাগিছে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটায়ো।

বিজেপি নেতাৰ মাজত যিদৰে কৃতিত্ব লোৱাৰ হেতাওপৰা লাগিছে, কিন্তু সঁচাকৈয়ে বিজেপি চৰকাৰে বা বিজেপি নেতৃত্বই অসমীয়া ভাষাৰ চর্চা আৰু বিকাশৰ বাবে আন্তৰিকভাবে কাম কৰিছেনে? নে বিজেপি চৰকাৰৰ দিনত অসমীয়া ভাষাক সংকটৰ সন্মুখলৈ ঠেলি দিব বিচৰা হৈছে? তাকে লৈ আজি বাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উত্থাপন কৰে কেইবাটাও গুৰুত্বপূর্ণ প্রসংগ।

তেওঁ কয়- বিজেপি চৰকাৰ আৰু বিজেপি দলে অসমৰ ভাষিক জাতীয়তাবাদক ধর্মীয় জাতীয়তাবাদলৈ অবনমিত কৰিবৰ কাৰণে নিৰন্তৰভাবে প্রচেষ্টা চলাই থকা নাইনে? কেৱল ৰাজনৈতিক মুনাফাৰ বাবেই এই দুষ্কাৰ্য সাধন কৰি জাতিটোকে পংগু কৰিব বিচৰা নাইনে। বিজেপি দল আৰু চৰকাৰ এই কামৰ পৰা বিৰত থাকক।

কোন চৰকাৰৰ দিনত 'কা'ৰ জৰিয়তে ধর্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্রতি চিৰদিনৰ বাবে সংকট নমাই আনিব বিচৰা হৈছে? কেন্দ্রত বিজেপি আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকোতে 'কা' জাপি দি অসমীয়াভাষীক অসমতে সংখ্যালঘু কৰিব বিচৰা হোৱা নাইনে? অসমীয়া ভাষাক যদি আন্তৰিকতাৰে ভাল পায় অসমক 'কা'ৰ আওতাৰ পৰা বাহিৰলৈ নিয়ক।

কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয় ৰাজ্যখনত বন্ধ হ'ল? সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দিনত নহয়নে? এইদৰে ১১ হাজাৰতকৈ অধিক চৰকাৰী বিদ্যালয়ত তলা লগাই অসমীয়া ভাষালৈ অশনি সংকেট কঢ়িয়াই অনা নাইনে বিজেপি চৰকাৰে? অসমীয়া ভাষাক যদি আন্তৰিকতাৰে ভাল পায় অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ নীতি বিজেপি চৰকাৰে বন্ধ কৰক।

অসমীয়া ভাষাৰ মাধ্যমত পঢ়িলে ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব নোৱাৰে বুলি কোৱা চৰকাৰখন কোন?\ হিমন্ত বিশ্ব শর্মা চৰকাৰে এই কথা কৈ ষষ্ঠ শ্রেণীৰ ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম কৰি অসমীয়া ভাষাক অপ্রাসংগিক কৰি তোলা নাইনে?অসমীয়া ভাষাক যদি ভাল পায়, মাতৃভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম অব্যাহত ৰাখক।

কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত প্রত্যাহাৰ কৰিছে? এই কাম কৰি হিমন্ত বিশ্ব শর্মা চৰকাৰে অসমীয়া ভাষাৰ কেনেধৰণৰ উত্তৰণৰ বাবে কাম কৰিছে? যদি বিজেপি চৰকাৰে অসমীয়া ভাষা ভাল পায়, অসম লোকসেৱা আয়োগৰ গৰীক্ষাত অসমীয়া ভাষাৰ কাকতখন পুনৰ বাধ্যতামূলক কৰক।

অসম চৰকাৰৰ উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয় চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্রহণ কৰা চৰকাৰখন কাৰ চৰকাৰ? এই সিদ্ধান্ত গ্রহণ কৰি হিমন্ত বিশ্ব শর্মাই ইংৰাজী ভাষাৰ বিকাশৰ কাৰণে নে অসমীয়া ভাষাৰ বিকাশৰ বাবে কাম কৰিছে? যদিহে অসমীয়া ভাষাক ভাল পায়, অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে ইংৰাজী মাধ্যমলৈ সলনি কৰা বন্ধ কৰক।

ভাৰতৰ কোন মুখ্যমন্ত্রীৰ পৰিয়ালে নিজ ৰাজ্যৰ ভাষাৰ নহয়, ইংৰাজী মাধ্যমৰ ব্যক্তিগতখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় প্রতিষ্ঠা কৰিছে? অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা পোৱাৰ পাছত মুখ্যমন্ত্রীৰ পৰিয়ালৰ "বন্দ্যা ইণ্টাৰনেছনেল স্কুল'ৰ মাধ্যম এতিয়া ইংৰাজীৰ পৰিবৰ্তে অসমীয়া কৰিব নেকি? তাকো যদি নকৰে বিদ্যালয়খনত ধ্রুপদী অসমীয়া ভাষা পঢ়োৱাটো বাধ্যতামূলক কৰিবনে?

কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ হিন্দীভাষীক শিক্ষকৰ নিযুক্তি দিয়া আৰম্ভ হ'ল? অসমীয়াই ধ্রুপদী মর্যাদা পোৱাৰ পিছত মাজুলীৰ জেংৰাইমুখত কাকপথাৰৰ ডিৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিঃৰাজ্যৰ হিন্দীভাষীক শিক্ষক নিযুক্তি দিয়াৰ অশুভ নিয়মৰ অন্ত পৰিবনে?

কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত নিমাওমাও পৰিৱেশৰ সৃষ্টি হ'ল? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকল পাঠদানত নহয়, অন্য কামত ব্যস্ত ৰাখি অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ কাল অমানিশা মাতি আনিব বিচৰা হৈছে? কোনজন মুখ্যমন্ত্রীয়ে ১০ বছৰৰ পাছত আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নাথাকিব বুলি কৈ অসমীয়া মাধ্যমলৈ সংকট নমাই আনিছে? অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা দিয়াৰ পাছত এই অৱস্থাৰ এতিয়া পৰিৱর্তন হ'বনে?

ভাৰতৰ কোন মুখ্যমন্ত্রীয়ে ছ'চিয়েল মিডিয়াত নিজ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ তৈয়াৰ কৰিব বিচাৰিছে? এতিয়া অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াত মাতৃভাষাৰ অধিক চর্চা কৰিব নে?

কোন চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা ২০১৫ চনৰ পবা কর্তন কৰিলে। এতিয়া আমি সেই মর্যাদা ঘুৰাই পামনে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভৰ কৃতিত্ব কাকো দিয়াৰ প্রয়োজন নাই। এয়া অসমীয়া ভাষাৰ স্ব-মহিমা। হাজাৰ বছৰ ধৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে নিৰলসভাৱে কৰি অহা সাধনা আৰু অসমীয়া ভাষীসকলে কৰি অহা নিৰন্তৰ চর্চাৰ ফল এয়া।

সেয়েহে অবাবত কৃতিত্ব লোৱাৰ প্রতিযোগিতা বন্ধ কৰক। যিসকলে অসমীয়াক ধ্রুপদী মর্যাদা দিবলৈ আন্তৰিকতাৰে কাম কৰিলে, তেওঁলোকক সম্মান দিয়ক। বিজেপি দল আৰু চৰকাৰে অসমীয়া জাতি, অসমৰ থলুৱা বিভিন্ন জনগোষ্ঠী, অসমৰ জনগণ আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে কাম কৰা বন্ধ কৰক। কেন্দ্রীয় কেবিনেটে অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা দিলে বুলিলেই এতিয়া জাতিদ্রোহী বিজেপি দল আৰু চৰকাৰ ধোঁৱা তুলসীৰ পাত হ'ব নোৱাৰে।

যিসকলে অসমবিদ্বেষী বিজেপি দল আৰু চৰকাৰক এই আপাহত অসমপ্রেমী সজাবখুজিছে তেওঁলোককো অসমবাসীয়ে চিনি থওক। ধ্রুপদী মর্যাদা পোৱাটো অসমীয়া ভাষাৰ স্বকৃতিত্ব। এই মর্যাদা আনুষ্ঠানিকভাবে ঘোষণা কৰিয়ে অসমবিদ্বেষী বিজেপি এতিয়া অসমপ্রেমী হ'ব নোৱাৰে।

Also Read: বিধায়ক তৰংগ গগৈৰ নেতৃত্বত গৰু চুৰি চক্ৰ আৰু গো-মাংসৰ ঘাটি উৎখাত...

হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ সৰ্বানন্দ সোণোৱাল