এন এইচ কলেজত অনুষ্ঠিত ADRE 2.0 চাকৰি প্ৰত্যাশীৰ বাবে আৰ্হি পৰীক্ষাৰ ব্যৱস্থা...

এন এইচ কলেজত অনুষ্ঠিত ADRE 2.0 চাকৰি প্ৰত্যাশীৰ বাবে আৰ্হি পৰীক্ষাৰ ব্যৱস্থা...

author-image
Asomiya Pratidin
New Update
এন এইচ কলেজত অনুষ্ঠিত ADRE 2.0 চাকৰি প্ৰত্যাশীৰ বাবে আৰ্হি পৰীক্ষাৰ ব্যৱস্থা...

ডিজিটেল সংবাদ, পাটছাৰকুছিঃ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগত আজি এডিআৰই ২.০ পৰীক্ষাত বহিবলৈ চাকৰি প্ৰত্যাশীসকলৰ বাবে আজি তিনি ঘন্টিয়া এটা আৰ্হি পৰীক্ষাৰ আয়োজন কৰা হৈছে৷ মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰাৰ্থীসকলক এক পষেক ধৰি প্ৰদান কৰা বিনামূলীয়া প্ৰশিক্ষণৰ অন্তত পৰীক্ষাত সাহসেৰে আগন্তুক অসম চৰকাৰৰ চাকৰিৰ বাবে অনুষ্ঠিতব্য পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে এক প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহন কৰিছিল আৰু প্ৰশিক্ষণৰ পিছত তিনিটা পৃথক শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে৷

আজি প্ৰায় ২০০ জন প্ৰাৰ্থীয়ে প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হয়৷ সম্পুৰ্ণ পৰীক্ষাৰ নিয়মানুসাৰে শিক্ষাৰ্থীসকলৰ উৎসাহ বৃদ্ধি কৰাৰ বাবে সকলো আনুষ্ঠানিকতা বজাই ৰাখি পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হৈছিল। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কৌশিক কুমাৰ ডেকাই চাকৰি প্ৰত্যাশী সকলৰ সঁহাৰিত আনন্দ প্ৰকাশ কৰিছে।

তেওঁ সমাজৰ সেৱাৰ এটি প্ৰচেষ্টা হিচাপে লোৱা পদক্ষেপৰ অংশ হিচাপে এনেধৰণৰ আন দুটা পৰীক্ষাও অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে৷ পোন্ধৰদিনীয়া প্ৰশিক্ষণত ৩৬২ জন শিকাৰুৱে বিনামূলীয়া প্ৰশিক্ষণত যোগদান কৰিছিল।

ADRE 2.0