বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত বিশ্ব সামুদ্রিক ভাৰত সন্মিলন ২০২৩ৰ শুভ উদ্বোধন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সামুদ্রিক নীল অৰ্থনীতিৰ এক ব্লুপ্রিন্ট 'অমৃত কাল ভিজন ২০৪৭' মুকলি কৰে৷

এই ভৱিষ্যৎ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি প্রধানমন্ত্রীয়ে ২৩,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা শুভ উদ্বোধন কৰে ৷ আজি একেদিনাই ভাৰতৰ সামুদ্রিক খণ্ডত ৭ লাখ কোটি টকাৰ বিনিয়োগৰ ইতিহাস সৃষ্টি হৈছে। অমৃত কাল দৃষ্টিভংগীৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বন্দৰ ক্ষমতা ১০,০০০ নিযুত টনলৈ বৃদ্ধি কৰা হৈছে।

এই অভিলাষী অনুষ্ঠানৰ তৃতীয় সংস্কৰণটোত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ চিন্দে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত প্ৰমুখ্যে বিভিন্ন দেশৰ মন্ত্ৰী, প্ৰতিনিধিসকল উপস্থিত থাকে। বিভিন্ন দেশৰ মন্ত্ৰীসকলৰ ভিতৰত আৰ্মেনিয়া, বাংলাদেশ, বেলাৰুছ, কোমোৰোছ, ইৰাণ, ইটালী, শ্ৰীলংকা, তাঞ্জানিয়া, তুর্কমেনিস্তান, উজবেকিস্তান, স্পেইন আৰু নেপালৰ মন্ত্ৰীসকল উপস্থিত আছিল৷

বিগত কেইবছৰমানত ভাৰতৰ সামুদ্রিক খণ্ডটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা প্ৰণালীবদ্ধ পদক্ষেপসমূহৰ বিষয়ে প্রধানমন্ত্ৰীয়ে আলোকপাত কৰে ৷ মোডীয়ে প্ৰস্তাৱিত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰৰ গুৰুত্বৰ বিষয়েও দোহাৰে ৷ লগতে কয় যে এই কৰিড'ৰে ভাৰতৰ লগতে বিশ্ব বাণিজ্যৰ প্ৰতিচ্ছবি সলনি কৰিব ৷ পৰৱৰ্তী সময়ৰ বৃহৎ বন্দৰ, আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্স-শ্বিপমেণ্ট বন্দৰ, দ্বীপ উন্নয়ন, আভ্যন্তৰীণ জলপথ আৰু মাল্টি-মডেল হাব আদি ইয়াৰ অধীনত হাতত লোৱা হ'ব, যাৰ ফলত ব্যৱসায়িক ব্যয় হ্রাস পাব, লজিষ্টিক দক্ষতা উন্নত হ'ব আৰু বহু নিযুক্তিৰ পথ সৃষ্টি হ'ব ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ সক্ৰিয় যোগদান কৰাৰ এক উত্তম সুযোগ আহি পৰিছে ৷

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে চৰকাৰে প্ৰতিটো খণ্ডতে বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু ভাৰতৰ সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে ৷ প্রধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ভাৰতৰ মুখ্য বন্দৰসমূহৰ ক্ষমতা দুগুণ হৈছে আৰু ২০১৪ চনৰ ৪২ ঘণ্টাৰ তুলনাত ডাঙৰ জাহাজৰ পৰিৱৰ্তনৰ সময় ২৪ ঘণ্টাতকৈও কম হৈছে ৷

প্রধানমন্ত্রীয়ে মন্তব্য কৰে, "ভাৰতৰ এক বিশাল উপকূল, শক্তিশালী নদী ব্যৱস্থা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে, যিয়ে সামুদ্রিক পৰ্যটনৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিব"।

সামুদ্রিক পৰ্যটনৰ প্ৰসাৰৰ বাবে বিশ্বৰ আটাইতকৈ দীঘল নদী ক্রুজ সেৱা 'গংগা বিলাস'ৰ কথা উল্লেখ কৰে, যিয়ে প্ৰথমবাৰৰ বাবে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ভাৰতে অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে এক বিশ্বব্যাপী ক্রুজ প্রাণকেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে।

প্রধানমন্ত্ৰীয়ে সাগৰমালা উদ্যোগৰ অভূতপূর্ব সাফল্যত আনন্দ প্ৰকাশ কৰে৷ সামুদ্রিক সন্মিলন ২০১৬-ত প্ৰৱৰ্তন কৰা সাগৰমালাই ভাৰতৰ সামুদ্ৰিক আৰু উপকূলীয় দৃশ্যপটত বিপ্লৱ আনিছে বুলি তেওঁ উল্লেখ কৰে৷ ১.২ লাখ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰায় ৮০০ প্ৰকল্পৰ ভিতৰত ২৩০টাই ইতিমধ্যে সম্পূৰ্ণ হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ দেশখনে বিগত দশকসমূহত সৰ্বাংগীণ উন্নয়নৰ এক ব্যতিক্রমী পর্যায় প্ৰত্যক্ষ কৰিছে। প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতৰ জি-২০ অধ্যক্ষতা হৈছে বিশ্বব্যাপী ভাৰতৰ অনন্য গ্রহণযোগ্যতাৰ এক ঐতিহাসিক মাইলৰ খুঁটি৷ প

ৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ মাননীয় প্রধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিভংগী উপকূলীয় আৰু আভ্যন্তৰীণ জলপথত সবল ৰূপত প্ৰতিফলিত হৈছে৷ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা ন বছৰত কার্গো চলাচলৰ পৰিমাণ ১৭০০%তকৈও অধিক বৃদ্ধি হৈছে৷

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ
ফুলগুৰি ধেৱাঃ নগাঁৱৰ 'মানুহ পোৰা বিল' সাক্ষী ইংৰাজৰ অত্যাচাৰ আৰু কৃষকৰ প্ৰথম বিদ্ৰোহৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in