ডিজিটেল ডেস্কঃ শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে গৰু বিহু। বাপতি সাহোন বিহুটিক লৈ অসমীয়াৰ গাত তৎ নাইকীয়া। আজি গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব লগীয়া বিহুৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।সৰুসজাইত ১১,০০০ ৰো অধিক বিহুৱা-বিহুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।
আজি এই দিনটোতেই মোডীয়ে উদ্বোধন কৰিব চাংসাৰীস্থিত এইমছ। প্ৰধানমন্ত্ৰী গৰাকীয়ে বিহুৰ এই সময়চোৱাত ৰাজ্যবাসীক দিব বহু উপহাৰ। প্ৰায় ৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ ৰাইজলৈ আগবঢ়াব অসমবাসীলৈ। তলত মোডীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী উল্লেখ কৰা হ'ল-
-
প্ৰধানমন্ত্ৰী মোডী ১৪ এপ্ৰিলৰ পুৱা ১১.৩০ বজাত গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ'ব।
-
তাৰ পাছতে পোনে পোনে হেলিকপ্টাৰেৰে যাব আই আই টিলৈ।
-
প্ৰধানমন্ত্ৰী মোডীয়ে এইমছ-গুৱাহাটীৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
-
প্ৰধানমন্ত্ৰীয়ে এইমছৰ চৌহদৰ পৰা নগাঁও, কোকৰাঝাৰ আৰু নলবাৰীৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব।
-
প্ৰধানমন্ত্ৰী মোদীয়ে ১৪ এপ্ৰিলত আয়ুষ্মান কাৰ্ড বিতৰণ আৰম্ভ কৰিব।
-
প্ৰধানমন্ত্ৰী মোডীয়ে খানাপাৰা পশু চিকিৎসা ক্ষেত্ৰত উপস্থিত হ'ব, তাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাব।
-
প্ৰধানমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। য'ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
-
সৰুসজালৈ যোৱাৰ আগতে কইনাধৰাত ক্ষন্তেক সময়ৰ বাবে জিৰণি ল'ব।
-
সৰুসজাইৰ পৰা ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব।
-
সৰুসজাইত অংশ গ্ৰহণ কৰিব বিহুৰ অনুষ্ঠানত।
Also Read: ''লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা'' আজি গৰু বিহু