ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' সোমবাৰে আবেলি ৪ বজাত প্ৰতিকূল বতৰকো নেওচি মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়।
ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক, কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে 'বাটৰ কবিতা'ৰ যুটীয়া সমন্বয়ক, কবি খাইৰুল ইছলামে। কাব্যানুষ্ঠানটিত বহুকেইগৰাকী কবি আৰু আবৃত্তিকাৰে অংশগ্ৰহণ কৰে যদিও বৰষুণে বিধি পথালি দিয়াত যুৱ কবি মুহাম্মাদ আফজাল, জ্যেষ্ঠ কবি তথা মৈৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি হানিফ উদ্দিন আহমেদ আৰু কলেজীয়া ছাত্ৰ মোস্তাফা আহমেদে কবিতা পাঠ তথা আবৃত্তি কৰিবলৈ সক্ষম হয়।
কাব্যানুষ্ঠানটিত অসম আবৃত্তি পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ডঃ উৎপল নাথ, সম্পাদক নজৰুল ইছলাম, কোষাধ্যক্ষ চিনু প্ৰভা দেৱী, মুখপাত্ৰ ৰাজীৱ চহৰীয়া, সাংগঠনিক সম্পাদক বিপুল ডেকা, কবি আশ্ৰাফুল হক, জিন্নাতুল ইছলাম, লাহৰীঘাট কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাব্বুল আহাদ, বদৰুজ জামান আকতাৰ, খালিদ আহমেদ আদি কৰি কেইবাগৰাকী কবি আৰু কাব্যানুৰাগী ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, কাব্যানুষ্ঠানত অসম আবৃত্তি পৰিষদৰ অন্তৰ্গত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সভাপতি ডঃ উৎপল নাথ, সম্পাদক নজৰুল ইছলাম প্ৰমুখ্যে বিষয়ববীয়াসকলৰ উপস্থিতিত কবি মুহাম্মাদ আফজালক সভাপতি আৰু কবি খাইৰুল ইছলামক সম্পাদক হিচাপে লৈ ১১ জনীয়া মৈৰাবাৰী শাখা আবৃত্তি পৰিষদ গঠন কৰা হয়।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় 'বাটৰ কবিতা'ৰ যুটীয়া সমন্বয়ক মুহাম্মাদ আফজালে। স্মৰ্তব্য যে, তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা 'খাইৰ প্ৰকাশ'নে আহ্বান জনায়।
Also Read: নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা...