৩৩ বছৰে কি উন্নতি হ'ল মৰিগাঁৱত..

author-image
Asomiya Pratidin
New Update
৩৩ বছৰে কি উন্নতি হ'ল মৰিগাঁৱত..

morigaon day

হিমাদ্ৰী ৰেখা ভৰালী

অসমৰ ৩৫খন জিলাৰ ভিতৰৰ এখন হৈছে মৰিগাঁও জিলা। ১৯৮৯ চনতে মৰিগাঁও জিলাক এক সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। উল্লেখ্য যে পূৰ্বতে মৰিগাঁওখন নগাঁও জিলাৰ অন্তৰ্গত আছিল আৰু পশ্চিম নগাঁও হিচাপে জনা গৈছিল।

১,৭০৪ বৰ্গ কিলোমিটাৰ মাটিকালিৰে আৱৰা মৰিগাঁওক ১৯৮৯ চনৰ ১৪ অক্টোবৰত অসম চৰকাৰে মৰিগাঁও জিলা হিচাপে ঘোষণা কৰে। মৰিগাঁও জিলা গঠনৰ অন্য এক ইতিহাস আছে।

১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলা গঠনৰ বাবে বিভিন্ন দল সংগঠনকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে উঠি পৰি লাগিছিল। সেই সময়ৰ মন্ত্ৰী দিগেন চন্দ্ৰ বৰাৰ সৈতে এক তৰ্কত লিপ্ত লৈছিল ছাত্ৰ সংগঠন।

সেই সময়ৰ মৰিগাঁৱৰ বিধায়ক হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা দাবী সমিতি, মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ প্ৰচেষ্টাত ১৯৮৯ চনৰ ১৪ অক্টোবৰত অসম চৰকাৰে মৰিগাঁও জিলা গঠনৰ ঘোষণা কৰে। আৰু সেই মৰিগাঁও জিলাখন আজি ৩৩ বছৰীয়া হ'ল।

৫টাকৈ অসম বিধানসভাৰ সমষ্টিৰে আৱৰি থকা মৰিগাঁও জিলাখন ৩৩ বছৰীয়া হ'ল যদিও বৰ্তমানেও তাত কোনোধৰণৰ উন্নয়নৰ মুখ দেখা পোৱা নাই ৰাইজে। পৰিবতৰাৰ দৰে এখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰ অভয়াৰণ্য থকাৰ উপৰিও তিৱা জনগোষ্ঠীৰ ঐতিহ্যৰে ভৰপূৰ মৰিগাঁও জিলাখন।

কিন্তু আজিৰ তাৰিখত পিছপৰা এখন জিলা হিচাপে পৰিচিত মৰিগাঁও জিলা। কিয়নো আজিৰ তাৰিখতো মৰিগাঁৱত এখনো উন্নতমানৰ চিকিৎসালয় নাই। নাই কোনো অৰ্থনৈতিক দিশত আগবাঢ়িব পৰা বাণিজ্যিক ক্ষেত্ৰ। নাই কোনো উদ্যোগ।

গুৱাহাটীৰ পৰা কিছু নিলগত অৱস্থিত মৰিগাঁও জিলাখনত যি পৰ্যটকৰ কেন্দ্ৰবিন্দুস্বৰূপ পবিতৰা অভয়াৰণ্য আছে সেই অভয়াৰণ্য চাবলৈ অহা পৰ্যটকৰ বাবে নাই থকাৰ কোনো সা-সুবিধা। পৰ্যটকে অভয়াৰণ্য চাবলৈ আহিলে গুৱাহাটীৰ পৰাহে যাব লাগে মৰিগাঁৱলৈ।

এই ৩৩ বছৰে কিন্তু জিলাখনত কোনোধনৰ উন্নতিৰ মুখ নেদেখিলে ৰাইজে। গুৱাহাটীৰ দিছপুৰৰ দৰে অধিক ভোটাৰ থকা সমষ্টি থকাৰ পাছতো দিছপুৰ সমষ্টিৰ বিধায়ককে ধৰি আন ৪টা সমষ্টিৰ বিধায়কে কোনো ধৰণৰ পদক্ষেপ হাতত লৈছিল যদিও আজি পৰ্যন্ত সেই পদক্ষেপে পূৰ্ণতাৰ বাট দেখা নাপালে।

কেৱল মৰিগাঁও জিলাৰূপে স্বীকৃতি দিয়াই জিলাখনৰ প্ৰতি থকা দায়িত্ব নহয়। জিলাখনৰ উন্নতিৰ বাবেও চিন্তা কৰা উচিত বিধায়ক তথা দল-সংগঠনৰ। এখন চিভিল হাস্পতালৰ বাহিৰে এখন উন্নতমানৰ চিকিৎসালয় নাই মৰিগাঁৱত। যাৰ বাবে গুৱাহাটীলৈ চিকিৎসাৰ বাবে আহিব লাগে মৰিগাঁওবাসী। যাতায়াতৰ বাবে বাট-পথৰ জৰাজীৰ্ণ অৱস্থা।

জাগীৰোড কাগজকল বন্ধ হ'ল। জীবোড স্পান মিল নিঃশেষ হৈ গ'ল। প্ৰত্যেক বছৰে বানপানীৰ কৱলত পৰে জিলাখন। খহনীয়াই কালৰূপ ধাৰণ কৰে জিলাখনত। কেৱল জিলা দিৱস উদযাপন কৰিলেই নহ'ব, জিলাখনক উন্নতিৰ দিশত আগবঢ়াই নিয়াটো প্ৰত্যেকজন মৰিগাঁওবাসীৰে কাম্য।

কলং, কপিলি আৰু কিলিং নদী মৰিগাঁৱৰ দক্ষিণ দিশে বৈ গৈছে। কিন্তু সেই আদিতে নিৰ্মিত কপিলি দলঙখন আজিকোপতি যাতায়াতৰ বাবে উন্নীত নহ'ল। আৰু আন এখন দলঙৰ ব্যৱস্থা কৰা নহ'ল। দলঙখনত কেৱল এটা দিশৰ পৰাহে পাৰ হ'ব পাৰি। দুয়োটা দিশৰ পৰা যদি বাহন আহে তেন্তে কোনোবা এটা দিশৰ বাহন সমূহ ৰখাই আনটো ফালৰ বাহন সমূহ পাৰ হ'ব লাগে।

১৪ অক্টোবৰ শুকুৰবাৰে মৰিগাঁও জিলা দিৱস উদযাপন কৰিছে অতি উলহ-মালহেৰে। জিলা দিৱস উদযাপন কৰাটো যেন এতিয়া এটা ঢৌলৈ ৰূপন্তৰিত হৈছে। পুৱা বৰ্নাঢ্য সাংস্কৃতিক শুভাযাত্ৰাৰে জিলা দিৱসৰ আৰম্ভণি কৰা হয়। ৩৩ বছৰীয়া মৰিগাঁও জিলাৰ দিৱসটোত মৰিগাঁওবাসী ওলাই আহি শুভাযাত্ৰাত অংশগ্ৰহণ কৰে।

লগতে মৰিগাঁও জিলা উপায়ুক্তকে ধৰি জিলাখনৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে দল-সংগঠনেও এই দিৱসৰ কাৰ্যসূচীত অংশ লয়।

assam marigaon morigaon day