প্ৰসংগ- মায়ঙৰ নৃশংস হত্যাকাণ্ড : ৩জনক গ্ৰেপ্তাৰ

প্ৰসংগ- মায়ঙৰ নৃশংস হত্যাকাণ্ড : ৩জনক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, মায়ং: মায়ঙৰ গৰুমৰাত সংঘটিত হোৱা হত্যাকাণ্ডই সাত দিন অতিক্ৰম কৰিলে শনিবাৰে। এই ঘটনাৰ সপ্তম দিনৰ দিনা হত্যাকাণ্ডৰ লগত জড়িত ৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মায়ঙ আৰক্ষী।

গ্ৰেপ্তাৰ হোৱা লোক কেইজন হ'ল গৰুমৰা গাৱৰ তৈয়ব আলী, ফাইজুৰ ৰহমান আৰু খাইৰুল বাছাৰ। সম্পৰ্কত তিনিও জন পিতা-পুত্ৰ বুলি জানিবলৈ দিয়ে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।

উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী পঞ্চায়তৰ অন্তৰ্গত গৰুমৰাত ২৪ চেপ্তেম্বৰৰ নিশা ৮.৪৬ বজাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। হত্যাকাণ্ডত প্ৰাণ গৈছিল ৪০ বছৰীয়া আবিদুজ জামান নামৰ এজন লোকৰ।

ঘটনাৰ বিৱৰণ অনুসৰি, ঘৰৰ পৰা সামান্য দূৰত পুখুৰীত মাছৰ খাদ্য দি ঘৰলৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত আবিদুজ জামানক পূৰ্ব পৰিকল্পনা মতে অতি নিষ্ঠুৰভাৱে হত্যা কৰিছিল ৩ অভিযুক্তৰ লগতে আন এজন লোকে। এন্ধাৰৰ সুযোগ লৈ চোকা অস্ত্ৰৰে আবিদুজ জামানক দেহৰ বিভিন্ন অংগত হানি খুচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল দুৰ্বৃত্তৰ দলটোৱে।তেজেৰে তুমুৰুলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল আবিদুজ জামানৰ মৃতদেহ।

হত্যাকাণ্ডটোৰ প্ৰকৃত কাৰণ প্ৰথম অৱস্থাত জানিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ এজাহাৰ ৰ ভিত্তিত আৰক্ষী বিষয়া ৰাজিব দাসৰ নেতৃত্বত চলি থকা অভিযানত আবিদুজ জামানৰ হত্যাকাৰী চিনাক্ত হয়।

শনিবাৰে তিনিও অভিযুক্তকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, তিনিও অভিযুক্তকে পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।

প্ৰসংগ- মায়ঙৰ নৃশংস হত্যাকাণ্ড : ৩জনক গ্ৰেপ্তাৰ
এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in