পুনৰ মৰিগাঁৱৰ নেলীত জব্দ ৮ টা চোৰাং গৰু...

মৰিগাওঁ জিলাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু সৰবৰাহৰ ছিণ্ডিকেট
পুনৰ মৰিগাঁৱৰ নেলীত জব্দ ৮ টা চোৰাং গৰু...
পুনৰ মৰিগাঁৱৰ নেলীত জব্দ ৮ টা চোৰাং গৰু...
Published on
Updated on

ডিজিটেল সংবাদ মৰিগাওঁঃ মধ্য অসমৰ মৰিগাওঁ জিলাক অভিকেন্দ্ৰ হিচাপ লৈ চলি থকা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু সৰবৰাহ চক্ৰৰ ছিণ্ডিকেটৰ তথ্য পোহৰলৈ অহাৰ পিছত জিলাখনত পুনৰ জব্দ কৰা হৈছে চোৰাং গৰু। মৰিগাওঁ জিলাৰ নেলী আৰক্ষী থানাৰ অন্তৰ্গত বৰখালত আজি জব্দ কৰা হৈছে ৮ টাকৈ চোৰাং গৰু।

জানিব পৰা মতে এই গৰু কেইটা অসম- মেঘালয় সীমান্ত পাৰ কৰিবলৈ লুকুৱাই থোৱা অৱস্থাত আছিল। আৰক্ষীয়ে সূত্ৰৰ আধাৰত অভিযান চলাই এই চোৰাং গৰু কেইটা জব্দ কৰে।

মন কৰিবলগীয়া যে, মাত্ৰ ২৪ ঘণ্টাৰ পূৰ্বেও জব্দ কৰা হৈছিল ৩৩ টাকৈ গৰু। এ এছ ০২ চি চি ২২৮৯ আৰু এ এছ ০১ এইছ চি ৯৫৮৩ নম্বৰৰ দুখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছিল এই গৰু কেইটা। অবৈধ সৰবৰাহকাৰীয়ে এই গৰুসমূহ নেলী হৈ মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ সময়তে উদ্ধাৰ কৰে আৰক্ষীয়ে। এইদৰে মাত্ৰ এটা সপ্তাহতে নেলীৰ পৰা জব্দ কৰা হৈছে ১০১ টা গৰু।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ নেলীক অভিকেন্দ্ৰ হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক পৰ্যায়ত গঢ়ি তোলা ছিণ্ডিকটৰ বিৰুদ্ধে ইতিমধ্যে সবিস্তাৰে অসমীয়া প্ৰতিদিন ডিজিটেলত মঙ্গলবাৰে এক বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিতে শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত কিদৰে এই চোৰাং গৰু ছিণ্ডিকেট গঢ়ি উঠিছিল সেই বিস্ফোৰক তথ্য মৰিগাঁও আৰক্ষীৰ তদন্তৰ লগতে গৰু চোৰৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা গোধনৰ গৰাকীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰা মন্তব্যতে উন্মোচিত হৈছিল।

ইমানৰ পিছতো চোৰাং গৰু সৰবৰাহ চক্ৰটোৱে পুনৰ গৰু সৰবৰাহৰ বাবে চেষ্টা অব্যাহত ৰখা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰশ্ন উঠিছে আৰক্ষীৰ অভিযানৰ মাজতো কাৰ সাহসত বলিয়ান হৈ এই চক্ৰটোৱে এইদৰে অবৈধ সৰবৰাহত নামি পৰিছে।

এই সন্দৰ্ভত পূৰ্বে প্ৰকাশিত এক বাতৰি পঢ়ক তলৰ লিংকত ক্লিক কৰি

পুনৰ মৰিগাঁৱৰ নেলীত জব্দ ৮ টা চোৰাং গৰু...
শাসকীয় দলৰ একাংশ নেতাৰ ছত্ৰছায়াত নেলীত গৰু ছিণ্ডিকেটঃ ৩৩ টা চোৰাং গৰু উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in