ডিজিটেল সংবাদ মায়ংঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু বাঘজাপ আঞ্চলিক সামাজিক সাংস্কৃতিক নাট্য মঞ্চৰ তত্বাৱধানত বাঘজাপ পঞ্চায়তৰ প্ৰেক্ষাগৃহত ১৫ জুলাইৰ পৰা ২৪ জুলাইলৈ বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা ১০ দিনীয়া গ্ৰীষ্মকালীন একক অভিনয় কৰ্মশালাৰ আজি আৰম্ভণি হয়।
কৰ্মশালাখনি শুভাৰম্ভণি কৰে বাঘজাপ গাঁও পঞ্চায়ৰ সভাপতি তথা বাঘজাপ আঞ্চলিক সামাজিক সাংস্কৃতিক নাট্য মঞ্চৰ সভাপতি প্ৰদীপ দেউৰীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে।
কৰ্মশালাত আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে নাট্যশিল্পী অৰ্ণৱজ্যোতি বৰাই। অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিনীতা দৈমাৰী, জ্যেষ্ঠ সমাজকৰ্মী নাৰায়ণ ডেকা, প্ৰসন্ন ডেকা,শুভা দেউৰী, জাগীভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ ডেকাৰ লগতে বাঘজাপ আঞ্চলিক সামাজিক সাংস্কৃতিক নাট্য মঞ্চৰ সম্পাদক ৰমেন ডেকা, উপ-সভাপতি হিম বৰা, সহকাৰী সম্পাদকদ্বয় ডিম্বেশ্বৰ ডেকা, কংকণ ডেকা, সাংস্কৃতিক সম্পাদক জ্যোতিৰ্ময় গোস্বামী প্ৰমূখ্যে আন বহুকেইগৰাকী গণ্য মান্য ব্যক্তি।
উল্লেখ্য যে, প্ৰশিক্ষণৰ শেষত প্ৰশিক্ষাৰ্থীসকলক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা একোখনকৈ প্ৰণাম পত্ৰ প্ৰদান কৰা হ'ব।
Also Read: অশ্লীল ফটো বিচাৰি চৰ খোৱা ABI লোহিত ৰাজবংশীৰ বিৰুদ্ধে গোচৰ ৰুজু...