শীতল পানীয় খুৱাই ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা : হোৱাটছএপযোগে মুখ্যমন্ত্ৰীক অৱগত কৰিলে ভুক্তভোগীয়ে

নিৰাপত্তাহীনতাত ভুগিছে মৰিগাঁৱৰ এখন গাঁও

author-image
Asomiya Pratidin
New Update
শীতল পানীয় খুৱাই ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা : হোৱাটছএপযোগে মুখ্যমন্ত্ৰীক অৱগত কৰিলে ভুক্তভোগীয়ে

ডিজিটেল সংবাদ,মৰিগাঁও : নিৰাপত্তাহীনতাত ভুগিছে মৰিগাঁও জিলাৰ এখন গাঁও। বিশেষ সম্প্ৰদায়ৰ লোকৰ অতপালি সহ্য কৰিব নোৱাৰি হোৱাটছ্এপযোগে যুৱতীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জনালে ঘটনাৰ সবিশেষ।

মৰিগাঁও বৰচলা অঞ্চলৰ এগৰাকী কিশোৰীয়ে মুখ্যমন্ত্ৰীলৈ হোৱাটএপযোগে প্ৰেৰণ কৰা বাৰ্তাত উল্লেখ কৰিছে যে ১০ছেপ্টেম্বৰত সংঘটিত এটা নিৰ্যাতনৰ ঘটনাৰ সবিশেষ। যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ঘটনাটো আছিল এনেধৰণৰ- বৰচলা অঞ্চলৰ যুৱতীগৰাকীসহ লগৰ আন এগৰাকীৰ সৈতে দুটা মিঞা সম্প্ৰদায়ৰ যুৱকে প্ৰলোভন দি বিদ্যালয়ৰ পৰা গাড়ীৰে লৈ গৈছিল। তাৰ পাছতে বাটত নিচাযুক্ত শীতল পানীয় খুৱাই যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল।

উল্লেখ্য এই ঘটনাৰ পিছতে বৰচলা আৰক্ষীক বিদ্যালয় কৰ্তৃপক্ষই অভিযোগ দিছিল যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় অঞ্চলটোৰ ৰাইজ। ইফালে ভি ডি পিৰ দায়িত্বত থকা সম্পাদকে এই গোচৰ নিদিবলৈ পৰিয়ালক হেঁচা দিয়াৰ কথাও প্ৰকাশ কৰিছে ৰাইজে।

ৰাইজৰ দাবী ভুক্তভোগী কিশোৰীগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিভিন্ন সময়ত সংঘটিত হোৱা এনে ঘটনা সমূহৰ বাবে অঞ্চলটোৰ খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটত ভুগিছে ।

Also Read: ১,৩১৬ গৰাকী স্নাতকক ডিগ্ৰী প্ৰদানেৰে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তন

himanta biswa sarma morigaon