ভূৰাগাঁৱত বানাক্ৰান্তৰ কাষত আছুৰ সঁজাতি দল...

ভূৰাগাঁৱত বানাক্ৰান্তৰ কাষত আছুৰ সঁজাতি দল...
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁওঃ লাহৰীঘাটৰ ভূৰাগাঁৱত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হয় আছুৰ এটা সঁজাতি দল। দলটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। বানাক্ৰান্ত ৰাইজক কিছু পৰিমাণৰ শিশু খাদ্য আগবঢ়াই আছুৰ বিষয়বৱীয়া সকলে। বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ চৰকাৰখনক কঠোৰ সমালোচনা কৰে আছুৰ সভাপতি গৰাকীয়ে।

তেওঁ কয় যে,দুৰ্ভাগ্য জনক কথা বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনোৱাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে হাঁহিবলৈ ধৰে, তুচ্ছ তাছিল্যৰে কয় যে ক'তনো অসমত ৰাষ্ট্ৰীয় সমস্যা আছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ,আন্তঃগাঁথনিৰ ফিটা কটা আৰু নিয়োগ প্ৰত্ৰ বিতৰণ কৰিবলৈ অসমত আহিব পাৰে কিন্তু প্ৰায় ৪০জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৬ লাখ লোক বানত আক্ৰান্ত হৈ থকা সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেৱল ফোন কৰি খবৰ লয়।

অসমৰ মুখ্যমন্ত্ৰীয়ে মই বানপানী নিয়ন্ত্ৰণত ফেইল হ'লেহে প্ৰধানমন্ত্ৰী আহিব বুলি মন্তব্য কৰা সন্দৰ্ভত আছুৱে কয় যে ৪০জন লোকৰ মৃত্যু হোৱা পিছত ফেইল হ'বলৈ বাকী থাকিল নেকি?

ইয়াৰোপৰি আছুৱে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক ভূৰাগাঁৱত আহি বান পৰিস্থিতিৰ বুজ ল'বলৈ দাবী উত্থাপন কৰা লগতে ৰিং বান্ধ নিৰ্মাণৰ পোষকতা কৰে।

ভূৰাগাঁৱত বানাক্ৰান্তৰ কাষত আছুৰ সঁজাতি দল...
গুৰু চৰণ কলেজত ছেমি কনডাক্টৰৰ প্ৰশিক্ষণ শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in