ডিজিটেল সংবাদ, মৰিগাঁও: বৃস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও সদৰ বিহুতলি প্ৰাঙ্গন আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি - বাৰ্ষিক অধিৱেশন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ আতিথ্যত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯বজাত মূলদ্বাৰ উন্মোচনৰ পাছতে পৰ্যায়ক্ৰমে সম্পন্ন হৈছে ১৯ খনকৈ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, বৃক্ষ ৰোপণ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আদি কাৰ্যসূচী।
বিভিন্ন উদ্বোধনী কাৰ্যসূচীসমূহ সম্পন্ন হোৱাৰ পাছতে "অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু খিলঞ্জীয়াৰ ভৱিষ্যত " শীৰ্ষক বিষয়ত জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হ'ব এখনি আলোচনা চক্ৰ। আবেলি অনুষ্ঠিত হ'ব ন-পুৰণি সতীৰ্থ সন্মিলন। সন্ধ্যা ৭ বজাত দূৰ্ঘটনাত নিহত হোৱা মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানেৰে সামৰণী পৰিব প্ৰথমদিনাৰ কাৰ্যসূচী।
Also Read: এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক