মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে মায়ঙত ভাগৱত যাত্ৰা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে মায়ঙত ভাগৱত যাত্ৰা

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে মায়ঙত ভাগৱত যাত্ৰা

ডিজিটেল সংবাদ, মায়ং : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মায়ঙৰ বহা উন্নত পাৰাতো দুদিনীয়া কৈ উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক গুৰু জয়ন্তী। সোমবাৰে উলিওৱা ভাগৱত যাত্ৰাত গাঁৱৰ সকলো পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি দুপৰীয়াৰ ভাগত আয়োজন কৰা হ'ব এখনি মুকলি সভা। উল্লেখ্য যে,গাঁৱখনৰ ৰাইজে প্ৰতি বছৰে এইদৰেই উলহ মালহেৰে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই উদযাপন কৰে গুৰু জয়ন্তী।

আনহাতে গাঁৱৰ প্ৰতিঘৰৰ পদূলিত গৃহস্থই ভাগৱত যাত্ৰাত অংশগ্ৰহণ কৰা ভক্ত- ৰাইজক ধূপ-ধুনা লগাই সেৱা কৰে আৰু আশীৰ্বাদ লয়।

Also Read: ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ষড়যন্ত্ৰ : মণিপুৰত NIAৰ হাতত গ্ৰেপ্তাৰ এজন

sankardeva MAYANG