ডাঙৰ মানুহৰ নাম লৈ সাৰি যাব নোৱাৰিব ঠিকাদাৰ : জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তদন্তত ওলাল জল জীৱন মিছনৰ কামৰ নমুনা আৰু ঠিকাদাৰৰ গাফিলতি
ডাঙৰ মানুহৰ নাম লৈ সাৰি যাব নোৱাৰিব ঠিকাদাৰ : জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁও : একাংশ ঠিকাদাৰৰ কামকলৈ অসন্তুষ্ট মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তদন্তত ওলাল জল জীৱন মিছনৰ কামৰ নমুনা আৰু ঠিকাদাৰৰ গাফিলতি। স্ব-জমিন তদন্তত চৰকাৰী জল জীৱন মিচনৰ বহু কামত গাফিলতি ওলোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে জিলা আয়ুক্ত শৰ্মাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন অভিযানৰ অধীনত ধিং সংমণ্ডলক সামৰি ২,১৩,৯৯৭ টা কাৰ্যক্ষম ঘৰুৱা নলৰ সংযোগ (FHTC) অৰ্থাৎ নলযোগে পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰে ১,৪৩,৫৭২ টা সংযোগ প্ৰদান কৰা হয় যদিও এতিয়াও ৭০,৪২৫ টা ঘৰুৱা নল সংযোগ প্ৰদান কৰিবলৈ বাকী আছে।

এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মৰিগাঁও জিলা শেষৰ পৰা ৫ নম্বৰত আছে। ইয়াকে লৈ এতিয়া জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ক্ষোভিত হৈ পৰিছে। গুৰুত্বপূৰ্ণ কাম হাতত লৈ সময়মতে কাম নকৰা একাংশ ঠিকাদাৰক নিকৃষ্ট মনোবৃত্তিৰ বুলি আখ্যা দিয়ে জিলা আয়ুক্তগৰাকীয়ে।

জিলা আয়ুক্ত শৰ্মাই কয় যে ডাঙৰ মানুহৰ নাম লৈ, ডাঙৰ মানুহৰ পৰা ফোন কৰিলেও ৰেহাই নাপাই  ঠিকাদাৰে। ডাঙৰ মানুহৰ নাম লৈ সাৰি যাব নোৱাৰিব ঠিকাদাৰ। এজন এজন ঠিকাদাৰ অথবা প্ৰতিষ্ঠানে বহু বেছি কাম লৈ লৈছে। কিন্তু সময়ত কাম শেষ নকৰে বুলি আয়ুক্ত শৰ্মাই মন্তব্য কৰে।

তেঁও লগতে কয়- ইতিমধ্যে অসম চৰকাৰৰ মুখ্য সচিবে আদেশ দিছে - ঠিকাদাৰ অথবা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব লাগিব। সময়ত কাম উলিয়াই নিদিলে কেনচেল কৰা হ'ব ৱৰ্ক অৰ্ডাৰ। ২০ জুনৰ পূৰ্বে কাম শেষ কৰি ঘৰে ঘৰে পানী যোগান ধৰাৰ বাবে আয়ুক্তগৰাকীয়ে ঠিকাদাৰক নিৰ্দেশ দিয়ে।

ডাঙৰ মানুহৰ নাম লৈ সাৰি যাব নোৱাৰিব ঠিকাদাৰ : জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
গ্ৰীষ্ম প্ৰবাহ : বিহাৰত বন্ধ দিলে শিক্ষানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in