ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ গৌৰৱোজ্জল ১০৯ সংখ্যক বৰ্ষত ভৰি দিয়া বৰপাক সাৰ্ব্বজনীন দুর্গা পূজা উদযাপনৰ বাবে দেওবাৰে বৰপাকত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায়। বৰপাক সাৰ্ব্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাখনত আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ পূর্ণাংগ সমিতিখন গঠন কৰি অনুমোদন জনোৱা হয়।
বসন্ত ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আগন্তুক দুৰ্গা পূজাখন মহালয়াৰ পৰা ১০দিনীয়া কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত বৰপাক সাৰ্ব্বজনীন দুর্গা পূজা সফলতাৰে আয়োজন কৰিবলৈ গোপাল ৰয়, সুবল মল্লিক, ৰামকৃষ্ণ মজুমদাৰ, নিপন মল্লিকৰ লগতে সাংবাদিক তথা বৰপাক গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰিপ্ৰসাদ মল্লিকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
উল্লেখ্য, মৰিগাঁও জিলাৰ অন্যতম পুৰণি পূজাখন এইবাৰ ১১ জনী যুৱতীৰ দ্বাৰা পৰিচালনা কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সেই মৰ্মে পল্লৱী মজুমদাৰক সভানেত্ৰী, ৰাখী ৰয়ক উপ-সভানেত্ৰী, জ্যোতিকা মল্লিক আৰু জোনাকী মজুমদাৰক যুটীয়া সম্পাদিকা, মনিকা মল্লিক আৰু ৰূপালী মল্লিকক সহ: সম্পাদিকা, বন্দনা মজুমদাৰ, টিনা মল্লিক, মৌচুমী মল্লিক, প্ৰিয়া বিশ্বাস আৰু মল্লিকা মজুমদাৰক সদস্যা হিচাপে নিৰ্বাচন কৰি এখন শক্তিশালী পূজা পৰিচালনা সমিতি গঠন কৰা হয়।
ইয়াৰ লগতে সদস্যাক লৈ কেইবাখনো উপ-সমিতি গঠন কৰা হয়। ১৪ অক্টোবৰৰ মহালয়াৰে আৰম্ভ হ’বলগীয়া বৰপাক সাৰ্ব্বজনীন দুৰ্গোৎসৱৰ কাৰ্যসূচীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, গছপুলি ৰোপণ, মাৰাথন দৌৰ, চাফাই অভিযান, মহিলাসকলৰ মাজত পৰাম্পৰাগত খেল-ধেমালি, নাম-প্ৰসংগ, আধুনিক নৃত্য প্ৰতিযোগিতা, জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰিবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰে।
Also Read: দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মিছন ইন্দ্ৰধনুষ ৫.০ অভিযানৰ শুভ উদ্ধোধন