জাগীত পূৰ্ণাঙ্গ নাট 'আৰিমত্ত'ৰ মহুৰত

জাগীত পূৰ্ণাঙ্গ নাট 'আৰিমত্ত'ৰ মহুৰত

author-image
Asomiya Pratidin
New Update
জাগীত পূৰ্ণাঙ্গ নাট 'আৰিমত্ত'ৰ মহুৰত

ডিজিটেল সংবাদ,জাগীৰোড : জাগী কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চ'ৰাৰ উদ্যোগত আগন্তুক শিল্পী দিৱস উপলক্ষে তৰুণ নাট্যকাৰ আকাশপ্ৰতীম বৰাৰ ৰচিত বুৰঞ্জীমূলক নাট " আৰিমত্ত" মঞ্চস্থ কৰা হ'ব। এই উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া জাগীৰ কনকেশ্বৰ বৰুৱা ৰঙ্গমঞ্চত নাটখনৰ শুভ মহুৰত কৰা হয়।

নাটখনৰ শুভমহুৰত কৰে শিল্পী পেঞ্চনাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ৰমা হাজৰিকাই। তেওঁ বন্তি প্ৰজ্বলন কৰাৰ লগতে নাৰিকল ভাঙি নাটখন মুকলি কৰে। অনুষ্ঠানত জাগী কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চ'ৰাৰ সভাপতি এধান বৰা,উপসভাপতি বাবুল বৰা সম্পাদক অতুল বৰা, নাট্যকাৰ সোমনাথ বৰা, জাগীৰোড লায়ন্স ক্লাৱৰ সভাপতি অতনু বৰা, সমাজকৰ্মী প্ৰদীপ বৰা, নাট পৰিচায়কদ্বয় নৃপেন বৰা আৰু দিগন্ত বৰা, জেষ্ঠ সাংবাদিক অনিল বৰা, অভিনেতা মিন্টু বৰঠাকুৰ, সুগায়ক খনিন হাজৰিকা আৰু কুমাৰ প্ৰবীণ, শিল্প নিৰ্দেশক ৰাজু দাস প্ৰমুখ্যে বহু সংখ্যক অভিনেতা অভিনেত্ৰী উপস্থিত থাকে।

নাট মুকলি অনুষ্ঠানৰ আঁত ধৰে জেষ্ঠ সাংবাদিক তথা কৃষি চ'ৰাৰ প্ৰাক্তন সভাপতি অনিল বৰাই। নাট খনৰ নাট্যকাৰ আকাশপ্ৰতীম বৰাই নাটখনৰ পটভূমি সম্পৰ্কে অনুুষ্ঠানত বক্তব্য ৰাখে।

Also Read: ভাৰত-বাংলাদেশ সীমান্তত কৰ্মৰত বি এছ এফ জোৱানৰ ৰক্তদান শিবিৰ

jagiroad Natak