মৰিগাঁৱৰ আয়ুক্তৰ উগ্ৰ ৰূপঃ ACS বিষয়াকে ধৰি সকলো কৰ্মচাৰীৰ এবেলাৰ দৰমহা কৰ্তন...

১১ বজালৈ কাৰ্যালয়ত নাই ৯০ শতাংশ কৰ্মচাৰী
মৰিগাঁৱৰ আয়ুক্তৰ উগ্ৰ ৰূপঃ ACS বিষয়াকে ধৰি সকলো কৰ্মচাৰীৰ এবেলাৰ দৰমহা কৰ্তন...
মৰিগাঁৱৰ আয়ুক্তৰ উগ্ৰ ৰূপঃ ACS বিষয়াকে ধৰি সকলো কৰ্মচাৰীৰ এবেলাৰ দৰমহা কৰ্তন...
Published on
Updated on

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাঁও জিলা আয়ুক্তৰ কঠোৰ পদক্ষেপ । এ চি এছ বিষয়া আৰু চৰকাৰী বিযষয়াৰ আধা বেলাৰ দৰমহা কৰ্তন কৰিলে মৰিগাঁও আয়ুক্ত দেৱাশীষ শৰ্মাই ।

শনিবাৰে দিনৰ ১১ বজালৈ মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত উপস্থিত নাছিল এজনো এ চি এছ বিষয়াৰ লগতে আন তলতীয়া কৰ্মচাৰী। যাৰ বাবে আজি উগ্ৰ ৰূপত দেখা গ'ল মৰিগাঁওৰ আয়ুক্ত দেৱাশীষ শৰ্মাক। নিজ কাৰ্যালয়তে এ চি এছ বিষয়াসহ আন কৰ্মচাৰীৰ প্ৰায় ৯০ শতাংশ উপস্থিত নথকাৰ বাবে উগ্ৰ ৰূপ ধাৰণ কৰে।

ইয়াৰোপৰি তেওঁ কাৰ্যালয়ৰ বাহিৰত থিয় কৰ্মচাৰীসকলক থিয় কৰাই ৰাজহুৱাকৈয়ে সকীয়নী প্ৰদান কৰিলে। জিলা আয়ুক্তগৰাকীয়ে কয় যে, আপোনালোকে নিজৰ গোটেই কামবন খিনি কৰি, ঘৰ চম্ভালি কাৰ্যালয়লৈ আহিব আৰু ইয়াত আপোনালোকৰ বাবে মানুহ ৰৈ থাকিব।

তেওঁ কয় যে, ''এইটো জিলাখনৰ মুৰব্বী অফিচ বুলি কওঁ। কিন্তু এ চি এছ বিষয়াকে ধৰি কোনো এজন বিষয়া উপস্থিত নাই। যিয়েই ১০ বজাত ৰিপোৰ্ট কৰিব নোৱাৰে তেওঁ মোক লিখি দিয়ক। ঘৰৰ দায়িত্ব যদি ইমান বেছি চাকৰিৰ দৰমহাতো ল'ব নালাগে।কোনো এজন এ চি এছ বিষয়া নাই। এ চি এছ বিষয়াকে ধৰি ৯০ শতাংশ কৰ্মচাৰী নাই। সকলো কৰ্মচাৰীৰে আজিৰ দিনটোৰ এবেলাৰ দৰমহা কৰ্তন কৰা হ'ব। কাইলৈৰ পৰা যদি ১০ বজাত উপস্থিত হ'ব নোৱাৰে মই চাকৰিৰ পৰা বৰ্খাস্ত কৰিম।''

মৰিগাঁৱৰ আয়ুক্তৰ উগ্ৰ ৰূপঃ ACS বিষয়াকে ধৰি সকলো কৰ্মচাৰীৰ এবেলাৰ দৰমহা কৰ্তন...
ৰামেশ্বৰম কেফে বিস্ফোৰণঃ মাস্ক, চছমা, টুপী পৰিহিত ব্যক্তিৰ সন্ধানত আৰক্ষী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in