ডিজিটেল সংবাদ ৰহাঃ ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ মেলেৰিয়া বিভাগ, বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত আমচৈ অঞ্চলত ব্যাপক সজাগতামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে।
জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিনাপানী নেওগ, জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মা, জিলা বাহকজনীত ৰোগৰ পৰামৰ্শ বিষয়া শ্বেহনা বেগম, বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বি.পি.এম বাহকজনীত ৰোগৰ পৰ্যবেক্ষক, মেলেৰিয়া পৰিদৰ্শক, ক্ষেত্ৰকৰ্মী, ক্ষেত্ৰ পৰিদৰ্শক,আশাকৰ্মী, আমচৈ ৰাজ্যিক চিকিৎসালয় পৰিচালক সমিতিৰ সভানেত্ৰী, গাওঁ প্ৰধান আৰু ৰাইজৰ উপস্থিত ব্যাপক সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ ক্ষেত্ৰকৰ্মী আৰু আশাকৰ্মীয়ে আমচৈ অঞ্চলৰ ২৭৩ ঘৰলৈ গৈ জ্বৰ পৰীক্ষণ কৰা লগতে ২১ জনৰ তেজৰ পৰীক্ষণ কৰে। উক্ত অঞ্চলৰ ২১৬ খন আঠুৱাত ঔষধীকৰন কৰি আমচৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতামূলক ৰাজহুৱা সভা অনুস্থিত কৰি বিষয়াসকল উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
Also Read: চিৰাঙৰ চৰকাৰী বিদ্যালয়ত উত্তৰ পূবৰে প্ৰথম অত্যাধুনিক স্পেচ লেব উদ্বোধন