ডিজিটেল সংবাদ,মায়ং : পবিতৰাৰ নিকটৱৰ্তী এখন পথাৰত এজাক মহিলা।শালিধানৰ পথাৰত ভূই ৰুইছে মহিলাসকলে। বিগত ১০-১২ বছৰ শালিধানৰ খেতি কৰিব পৰা নাছিল পথাৰখনত।
কাৰণ প্ৰতি বছৰে অহা ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ বাবে খেতি কৰিব পৰা নাছিল পথাৰখনত। ৰজা মায়ঙৰ ওচৰত পবিতৰাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা এইখন পথাৰ।
৫০ বিঘা মাটিত এইবাৰ শালিধানৰ খেতি কৰিবলৈ খেতিয়কসকল ওলাই আহে । মায়ং আঞ্চলিক কৃষি উন্নয়ন সমিতি নামেৰে এখন সমিতি গঠন কৰি অঞ্চলটোৰ ১০ খন গাঁৱৰ ৩০ গৰাকী পুৰুষ-মহিলাই সমূহীয়াভাৱে ভূই ৰুইছে।
কৃষকসকল যথেষ্ট আশাবাদী- খেতি ভাল হ'ব,প্ৰচুৰ পৰিমাণৰ ধান উৎপাদন হ'ব আৰু সেই সোণগুটিৰে কৃষকসকলৰ ভৰাঁল ভৰিব। পিছে কৃষকৰ আছে ডাঙৰ প্ৰত্যাহ্বান। পবিতৰাৰ গড়, ম'হ আৰু গাহৰিৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰে তেন্তে গাঠিৰ ধন খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই কৰা শ্ৰম আৰু সকলো সপোন চুৰমাৰ হৈ যাব।
বন্য জন্তু ওলাই আহি ধাননি পথাৰ যাতে অনিষ্ট কৰিব নোৱাৰে,তাৰ কাৰণে চোকা পহৰাৰ ব্যৱস্থা কৰিবলৈ কৃষকসকলে পবিতৰাৰ বনাঞ্চলিক বিষয়াক অনুৰোধ জনাইছে।
Also Read: নিপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ গেট খুলি দিয়া সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ সৰ্তকবাণী