ডিজিটেল সংবাদ, মায়ং: অসম চৰকাৰৰ প্ৰশাসনিক দক্ষতা আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য পদক্ষেপ লাহৰিঘাট সমজিলা আৰু আয়ুক্ত লাহৰীঘাট কাৰ্যালয়ৰ শুভাৰম্ভ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই। তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰে যে, এই সম জিলাখনে অঞ্চলটোৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব, অৰ্থনৈতিক বৃদ্ধি, সামাজিক ন্যায় আৰু সবলীকৰণক প্ৰসাৰিত কৰিব।
তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পদক্ষেপক প্ৰশংসা কৰি নতুন কাৰ্যালয়সমূহে জাগীৰোড আৰু লাহৰীঘাট অঞ্চলক অধিক সুশৃংখলিত কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।তেওঁ নিশ্চিত যে, এই নতুন কাৰ্যালয়সমূহে বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব। শাসন ব্যৱস্থাৰ সুবিধা সমূহ তৃণমূল পৰ্যায়ত উপনীত হব বুলিও মত প্ৰকাশ কৰে।
আজিৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক আছিফ ম: নাজাৰ,তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত,অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্থানীয় লোক সকল উপস্থিত থাকে।
Also Read: ৰহা সমজিলাৰ শুভ উদ্বোধন বিত্ত মন্ত্রী অজন্তা নেওগৰ...