মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, মায়ং : "সাম্প্ৰতিক সময়ত মূল্যবোধৰ শিক্ষা দিব নোৱাৰিলে মানুহ সাৰ্থক হব নোৱাৰিব। আধুনিক সভ্যতাই মানুহক বস্তুবাদী পৃথিৱীখনৰ প্ৰতি বেছি আকৰ্ষিত কৰাৰ ফলত বৰ্তমান সময়ত মূল্যবোধৰ গুৰুত্ব কমি আহিছে।

তাৰ মাজতো কিন্তু মূল্যবোধ একেবাৰেই শেষ হৈ যোৱা নাই। মানুহে তাক আৱিষ্কাৰ কৰিব পাৰিব লাগিব। তাৰ কাৰণেই লাগিব মূল্যবোধ উপলব্ধি কৰিব পৰা উপযুক্ত শিক্ষা। যি শিক্ষাই মানুহক প্ৰকৃততে সাৰ্থক কৰি তুলিব পাৰে তেনে শিক্ষাৰহে প্ৰয়োজন আছে। " এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাৰ।

দেওবাৰে ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভাত ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এইদৰে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই উপাচাৰ্যগৰাকীয়ে। তেওঁ মূল্যবোধৰ কথা ক'বলৈ গৈ লগতে কয় যে 'আমাক এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই ঘৰৰ কাষত থকা ওচৰ চুবুৰীয়াৰ দুখ কষ্ট বুজিবলৈ শিকাই।যি শিক্ষাই আনৰ প্ৰতি সহনশীল, সংবেদনশীল আৰু উদাৰতা হ'বলৈ নিশিকাই তেনে শিক্ষাৰ প্ৰয়োজনেই বা কত ? জীৱনটোক সফলভাৱে গঢ়ি তুলিবলৈ হ'লে ভাল অভ্যাস এটা গঢ় দিব লাগিব।'

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নাকৰ দ্বাৰা এ+ গ্ৰেড লাভ কৰা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ৩২ তম প্ৰতিষ্ঠা দিৱসটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ১৯৯২ চনতে ৰাইজৰ দান বৰঙণিৰে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে ইতিমধ্য ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সক্ষম হৈছে।

প্ৰতিষ্ঠা কালৰ ভালে সংখ্যক ব্যক্তিৰ উপস্থিতিত আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষন নাথে। ইয়াৰ পিছতেই মায়ং খনিকৰ দিপন চন্দ্ৰ নাথৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবিধৰ নাথে আৰু শ্বহীদ তৰ্পণ কৰে মায়ঙৰ সমাজ কৰ্মী দিপন কাঠাৰে।

ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰে শ্বহীদ বেদীত মাল্যৰ্পন কৰে। তাৰ পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজ পৰিচলনা কৰে মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰঞ্জন টিমচিনা আৰু ড০ উৎপল নাথে।

দুপৰীয়াৰ ভাগত মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত মুকলি সভাত অঞ্চলটোৰ শতাধিক প্ৰতিষ্ঠা কালৰ লোক উপস্থিত থাকে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই আদৰণি ভাষণ ৰখা আৰু অধ্যাপক ৰবিন কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথ,পৰিচালনা সমিতিৰ সদস্য তথা সমাজ কৰ্মী প্ৰফুল্ল ভূঞা আৰু প্ৰাক্তন বন বিষয়া মুকুল তামুলীয়ে। সভাখনৰ আদৰণি অনুষ্ঠান আঁত ধৰে ড০ উৎপল নাথে। মহাবিদ্যালয়ৰ সংগীতেৰে সভা আৰম্ভ হয়। সভাৰ মাজে মাজে গীত নৃত্য পৰিৱেশন কৰা হয়।

Also Read: জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ ছাত্ৰীৰ মৃত্যু

mayang college