মায়ং-পবিতৰা ট্যুৰিষ্ট গাইড এছ'চিয়েছন গঠন...

পৰ্যটন বিশেষজ্ঞ ড০ উৎপল নাথক সভাপতি, পৰ্যটন কৰ্মী দুৰ্গেশ্বৰ নাথক সম্পাদক নিৰ্বাচিত
মায়ং-পবিতৰা ট্যুৰিষ্ট গাইড এছ'চিয়েছন গঠন...
মায়ং-পবিতৰা ট্যুৰিষ্ট গাইড এছ'চিয়েছন গঠন...
Published on
Updated on

ডিজিটেল সংবাদ মায়ংঃ বিশ্ব পৰ্যটন দিৱসৰ লগত ৰাখি শুকুৰবাৰে মায়ং-পবিতৰাৰ পৰ্যটন উন্নয়নৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত হৈ থকা নতুন প্ৰজন্মৰ যুৱকসকলৰ মাজত মায়ং আঞ্চলিক মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। মায়ং-পবিতৰাৰ প্ৰকৃতি আৰু পৰিবেশ সংৰক্ষক তথা পৰ্যটনৰ বাটকটীয়া ড০ উৎপল নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰ্যটন কৰ্মী ৰূপম নাথে।

সভাত মায়ং-পবিতৰাৰ পৰ্যটন উন্নয়ন, সমস্যা আৰু সম্ভাৱনা সম্পৰ্কে বিভিন্ন বিষয় আলোচনা কৰাৰ অন্তত আনুষ্ঠানিকভাৱে "মায়ং- পবিতৰা ট্যুৰিষ্ট গাইড এছচিয়েছন" নামেৰে এটি পৰ্যটন সংস্থা গঠন কৰা হয়। মায়ং-পবিতৰাৰ পৰ্যটন ক্ষেত্ৰখনক পদ্ধতিগত ভাৱে আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যেৰে গঠিত উল্লেখিত সংস্থাটোৰ সভাপতি হিচাপে পৰ্যটন বিশেষজ্ঞ ড০ উৎপল নাথক আৰু সম্পাদক হিচাপে পৰ্যটন কৰ্মী দুৰ্গেশ্বৰ নাথক নিৰ্বাচন কৰা হয়।

সভাত উপস্থিত থকা পৰ্যটন কৰ্মীসকলৰ প্ৰস্তাৱ মৰ্মে উল্লেখিত এছচিয়েছনৰ কাৰ্যকৰী সভাপতি হিচাপে দুলেন নাথ, উপ-সভাপতি হিচাপে বিপুল ডেকা, গুপ্ত মনি নাথ আৰু মানি ৰত্নম ডেকা, যুটীয়া সম্পাদক হিচাপে ৰূপম নাথ, সহকাৰী সম্পাদক হিচাপে চানি প্ৰসাদ নাথ আৰু দীপ জ্যোতি নাথ, জন সম্পৰ্ক ৰক্ষী সম্পাদক হিচাপে নজৰুল ইছলাম, হৰিপ্ৰসাদ মল্লিক আৰু দেৱজিৎ নাথ, কাৰ্য্যালয় সম্পাদক হিচাপে শিৱেশ্বৰ নাথ আৰু ৰজামনি নাথ, বিত্ত সম্পাদক হিচাপে কুমুদ নাথক লৈ মুঠতে ৩১ জনীয়া সমিতি এখন শক্তিশালী সমিতি গঠন কৰা হয়।

মায়ং-পবিতৰা ট্যুৰিষ্ট গাইড এছ'চিয়েছন গঠন...
চিলাপথাৰত অগ্নিকাণ্ডঃ দুখনকৈ দুকান ভস্মিভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in