Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...

নৱাগত আদৰণি সভা অনুষ্ঠিত কৰাক লৈ বিতৰ্ক
Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...
Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ মৰিগাওঁ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, মৰিগাওঁ মহাবিদ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। মধ্যঅসমৰ এই অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত আজি ছাত্ৰ একতা সভাই অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাই নহয়, অধ্যক্ষৰ কাৰ্যালয় তলা মাৰি দিয়ে। ফলত মহাবিদ্যালয়ৰ নিজ কাৰ্যালয়তে আৱদ্ধ হৈ পৰে অধ্যক্ষ ড০ লীলা কান্ত বৰঠাকুৰ।

অভিযোগ অনুসৰি মহাবিদ্যালয়খনত নৱাগত আদৰণি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অধ্যক্ষই ছাত্ৰ একতা সভাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছিল। ছাত্ৰ একতা সভাৰ অভিযোগ অনুসৰি তেওঁলোকক নস্যাৎ কৰি অধ্যক্ষই মইমতালিৰে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত হৈছে।

অধ্যক্ষৰ এনে কাৰ্যৰ বিৰোধিতাৰে আজি ছাত্ৰ একতা সভাৰ নেতৃত্বত শিক্ষাৰ্থীসকলে মহাবিদ্যালয় চৌহদত প্ৰতিবাদো সাব্যস্ত কৰে। তাৰ মাজতে অধ্যক্ষক তেওঁৰ কোঠাতে আৱদ্ধ কৰি ছাত্ৰ একতা সভাই তলা মাৰি দিয়ে।

পৰিস্থিতিয়ে এনে জটিল ৰূপ ধাৰণ কৰাত পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী আহি মহাবিদ্যালয়খনত উপস্থিত হয়। আৰক্ষীৰ হস্তক্ষেপত ছাত্ৰ একতা সভা আৰু শিক্ষকগোটৰ আলোচনাৰ অন্তত অধ্যক্ষৰ কোঠাৰ তলা খুলি দিয়া হয়।

ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই জনোৱা অনুসৰি অধ্যক্ষ ড০ লীলা কান্ত বৰঠাকুৰে ছাত্ৰ একতা সভাৰ সংবিধানক অংগুষ্ঠ প্ৰদৰ্শন কৰাই নহয়, চূড়ান্ত মইমতালিৰ আশ্ৰয় লৈছে। ইফালে ঘটনাৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ মহাবিদ্যালয়খনত সাংবাদিৰ দল উপস্থিত হোৱাত একাংশ সহকাৰী অধ্যাপকে বিষয়টোৰ সন্দৰ্ভত সঠিক মন্তব্য় দিয়াৰ বিপৰীতে সংবাদ কৰ্মীৰে তৰ্ক বিতৰ্কতহে লিপ্ত হয়।

Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...
ভাইৰেল ADRE ৰ প্ৰশ্নকাকতঃ ৯০ পৃষ্ঠাৰ প্ৰশ্ন কাকত বিয়পিছে হোৱাটছএপত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in