মৰিগাঁৱৰ শিমলুগুৰিত "নৃত্যাংগনা ডাঞ্চ একাডেমী" শীৰ্ষক বিদ্যালয়ৰ শুভাৰম্ভ...

মৰিগাঁৱৰ শিমলুগুৰিত "নৃত্যাংগনা ডাঞ্চ একাডেমী" শীৰ্ষক বিদ্যালয়ৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱৰ শিমলুগুৰিত "নৃত্যাংগনা ডাঞ্চ একাডেমী" শীৰ্ষক বিদ্যালয়ৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ উদ্যোগত মৰিগাঁও জিলাৰ শিমলুগুৰিত মঙলবাৰে "নৃত্যাংগনা ডাঞ্চ একাডেমী" শীৰ্ষক এখনি নৃত্য আৰু চিত্ৰাংকনৰ বিদ্যালয় মুকলি কৰা হয়। এই অনুষ্ঠান অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। অনুষ্ঠানটিত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক গিৰিশ পাটৰে ২০১৭ চনৰ জি টিভিত সম্পৰচাৰিত "দি আই দি"ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা নগাঁও জিলাৰ জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ সপোনৰ বিদ্যালয়খনৰ পৰা মৰিগাঁও জিলাৰ শিমলুগুৰি, সৰুবৰি, ন-তৰাবৰি, হাতী বাট, বৰচলা, ঠাকুৰীয়া বৰি অঞ্চলৰ নতুন প্ৰজন্ম উপকৃত হ'ব আৰু অঞ্চলটোত সাংস্কৃতিক বাতাবৰণ সৃষ্টি হ'ব" বুলি মন্তব্য কৰে।

ডাঃ বাবুল নাথে আঁত ধৰা অনুষ্ঠানটিত অপূৰ্ব কুমাৰ নাথ, কণ্ঠশিল্পী ৰীমা বৰা, মিন্টু বৰা, নৃত্যশিল্পী জ্যোতি প্ৰসাদ বৰুৱা, মুনীন্দ্ৰ নাথ, প্ৰসন্ন পাটৰ, কিৰণ পাটৰ, শিক্ষয়িত্ৰী জয়ামনি দেবীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, আৰম্ভণিতে প্ৰতি শনি আৰু দেওবাৰে সৃষ্টিশীল নৃত্য, লোক নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হবলগীয়া "নৃত্যাংগনা ডাঞ্চ একাডেমী" বিদ্যালয়ত যোগাযোগৰ বাবে ৯১০১৪৬৯০৬১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰিপক বৰাই।

Also Read: মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথা কয় তেনেদৰে কাম কৰে, মায়ঙৰ পৰা শিলঘাটলৈকে মথাউৰি হব পকাঃমন্ত্ৰী পীয়ুষ হাজৰিকা…

dance